ধেমাজিত আছুৰ প্ৰতিবাদঃ প্ৰদান বৰুৱা, ৰনোজ পেগুৰ বাসগৃহৰ দেৱালত লিখিলে- NO CAB, চাওক VIDEO…

ধেমাজিত আছুৰ প্ৰতিবাদঃ প্ৰদান বৰুৱা, ৰনোজ পেগুৰ বাসগৃহৰ দেৱালত লিখিলে- NO CAB, চাওক VIDEO…

ডিজিটেল সংবাদ, ধেমাজিঃ কেবৰ বিৰোধিতাৰে দেওবাৰেও ধেমাজি আছুয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। বিৰ্তকিত বিধেয়কখনৰ বিৰোধিতাৰে আছু কৰ্মীসকলে সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ডাঃ ৰনোজ পেগুৰ বাসগৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দুই নেতাৰ বাসগৃহত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত ধেমাজি বিজেপি কাৰ্যালয়ৰ সন্মুখত চৰকাৰবিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডাঃ ৰনোজ পেগুৰ বাসগৃহৰ দেৱালত কলা, ৰঙা ৰঙেৰে ন কেব, বিজেপি গ' বেক লিখি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। শেষত প্ৰশাসনে ঘটনাস্থলীত নিয়োগ কৰে অৰ্ধসামৰিক বাহিনী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in