ধেমাজি প্ৰেছ ক্লাৱৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন সম্পূৰ্ণ…

ধেমাজি প্ৰেছ ক্লাৱৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন সম্পূৰ্ণ…

ডিজিটেল সংবাদ, ধেমাজিঃ দেওবাৰে ধেমাজি প্ৰেছ ক্লাৱৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন খনি ধেমাজি প্ৰেছ ক্লাবত অনুষ্ঠিত হয়৷ কোভিড প্ৰ'টকল মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনৰ পুৱা ৮ বজাত ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰে পতাকা উত্তোলন কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা হয়৷ পুৱা ৮.৩০ বজাত শ্বহীদ তৰ্পন কাৰ্য্যসূচী সমাপন কৰে ধেমাজি প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মাই ৷ পুৱা ৯ বজাত বৃক্ষৰোপণ কাৰ্য্যসূচী সমাপন কৰে ধেমাজি প্ৰেছ ক্লাৱৰ উপদেষ্টা তথা ধেমাজি জিলা সাংবাদিক সংস্হাৰ প্ৰাক্তন সাধাৰন সম্পাদক দিলীপ কুমাৰ হাজৰিকাই ৷

পুৱা ১০ বজাত মুকলি সভা উদ্ধোধন কৰে ধেমাজি জিলা সাংবাদিক সংস্হাৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই ৷ সভাত ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত ধেমাজি জিলা সাংবাদিক সংস্হাৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সাধাৰন সম্পাদক উমেশ খাণ্ডেলীয়া আৰু দিলীপ কুমাৰ হাজৰিকাই বক্তব্য প্ৰদান কৰে৷ বিয়লি ২ বজাত অনুষ্ঠিত হোৱা প্ৰতিনিধি আৰু বিষয়-বাচনি সভাত আগন্তুক দুটা বছৰৰ বাবে অশ্বিনী কুমাৰ দুৱৰাক সভাপতি আৰু জিতু শইকীয়াক সাধাৰন সম্পাদক হিচাপে লৈ এখনি ১১ জনীয়া সমিতি গঠন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in