ধেমাজিলৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ আগমনৰ দিনাই ধেমাজিত ছাত্ৰ সন্থাৰ বিক্ষোভ আৰু ক’লা পতাকা প্ৰদৰ্শন…

ধেমাজিলৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ  আগমনৰ দিনাই ধেমাজিত ছাত্ৰ সন্থাৰ বিক্ষোভ আৰু ক’লা পতাকা প্ৰদৰ্শন…

ডিজিটেল সংবাদ, ধেমাজিঃ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ধেমাজিলৈ অহা দিনাই ধেমাজি জিলা সদৰত প্ৰতিবাদী বিক্ষোভেৰে উত্তাল কৰি বিজেপি চৰকাৰ গ'বেক ধৱনিৰে প্ৰতিবাদ কৰি ক'লা পতাকা প্ৰদৰ্শন কৰি কাৰ্য্যসূচী ৰূপায়ন কৰে ধেমাজি জিলা ছাত্র সন্থাই ।

প্ৰতিবাদকাৰী সকলে অসম চুক্তিৰ ৬ নং দফা আজি পৰ্যন্ত ৰূপায়ণ নোহোৱা , নামণি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি সকলো বৃহৎ নদীবান্ধৰ নামণি অঞ্চলত বসবাস কৰা ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নকৰা পৰ্যন্ত্য বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰা, বানপানী গৰাখহনীয়া সমস্যাক ৰাষ্টীয় সমস্যা ৰূপে ঘোষণা কৰি অতিশ্ৰীঘ্ৰে সমাধান কৰা, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত ধেমাজি সদৰ থানা তিনিআলি সমীপৰ ছাত্ৰ সন্থাৰ শ্বহীদ বেদীৰ কাষতে প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে ৷

কাৰ্য্যসূচীৰ অন্তত স্হলিতে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাই বক্তব্যত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষণত ধেমাজি জিলাখনৰ কোনো সমস্যাই ঠাই নাপালে, আগতে সভাই সমিতিয়ে দি অহা কেৱল গতানুগতিক ভাই যি বহেন যি ভাষণেৰে ৰাইজক পুনৰবাৰ আভুৱা ভাৰিলে ।

জিলা ছাত্ৰ সন্হাৰ সভাপতি শৰ্মাই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালক ধেমাজি জিলাৰ ৰাইজক লৈ আবেগৰ ৰাজনীতি, প্ৰতিশ্ৰুতিৰ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে, তেওঁ ভাষণত ধেমাজি জিলা বাসীয়ে বছৰ বছৰ ধৰি জিয়াতু ভোগী থকা চিয়াং, লালী, চিমেন, গাই, জীয়াঢল নৈৰ বানপানী সমস্যা কেতিয়া স্থায়ী সমাধান কৰিব বুলি প্ৰশ্ন কৰা উপৰিও বৃহৎ নদীবান্ধলবীৰ ওচৰত আঠুঁ লোৱা কেতিয়া বন্ধ কৰিব, অসম চুক্তিৰ ছয় নং দফা কেতিয়া ৰূপায়ণ কৰিব তাৰ দিন বাৰ ঘোষণ কৰিবলৈ প্ৰত্যাহ্বান জনায় ।

কাৰ্যসূচীত ধেমাজি জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সঞ্জীৱ দাসে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিথ্যাচাৰী বিজেপি চৰকাৰখনে নিৰ্বাচনৰ আগত ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰূপায়ণ কৰিব নোৱাৰি পুনৰ প্ৰধানমন্ত্রী, গৃহমন্ত্রীৰ শৰণাপন্ন হ'বলগীয়া হোৱ বিষয়টোৱে এইখন চৰকাৰৰ বিফলতাকে প্ৰতিফলিত কৰে বুলি মন্ত্যব কৰে ।

ধেমাজি জিলাখনৰ মৌলিক সমস্যা সমূহ যদি অতিশ্ৰীঘ্ৰে সমাধানৰ ব্যৱস্থা নকৰে তেন্তে আগন্তুক নিৰ্বাচনত ধেমাজি জিলাত বিজেপি দলে প্ৰতিদ্বন্দ্বিতা নকৰাই ভাল বুলি কয়- কাৰণ সদৌ ধেমাজি জিলা ছাত্র সন্থাই তথা ধেমাজিৰ ৰাইজে আগন্তুক দিনত এই দলটোক পুলিয়ে পুখাই ধেমাজিৰ পৰা খেদোৱাৰ সংকল্প গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in