ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ ডিমাপুৰৰ আই.এম.চি হ'ল এলেকাৰ ৰাজপথত মঙলবাৰে পুৱাতে ডিমাপুৰৰ আৰক্ষীয়ে গুলিবিদ্ধ অৱস্থাত ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মঙলতি গাঁৱৰ এজন যুৱক উ্দ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে৷

ধেমাজি জিলাৰ উপ- আৰক্ষীৰ অধীক্ষক পৰা জানিব পৰা তথ্য অনুসৰি মৃতদেহ উদ্ধাৰ হোৱা যুৱক জনৰ ঘৰ ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ মঙলতি গাওঁৰ ঘনশ্যাম গগৈৰ পুত্ৰ জিতেন গগৈ (৩০) বুলি ডিমাপুৰৰ আৰক্ষীয়ে চিনাক্ত কৰি ধেমাজি আৰক্ষীক ইতিমধ্যে অৱগত কৰিছে৷

তথ্য মতে, জিতেন গগৈয়ে ডিমাপুৰত ট্ৰাক চালক হিচাপে কৰ্মৰত আছিল৷ অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী ডিমাপুৰ অঞ্চলটিত কোনো অজ্ঞাত উগ্ৰপন্থীৰ গুলিয়াগুলিৰ মুহূৰ্ত্তত ট্ৰাক চালক গগৈৰ দেহত গুলি আহি লাগে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ ঘটনাৰ সংক্ৰান্তত নাগালেণ্ডৰ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোতেই তদন্ত অৱাহত ৰাখিছে জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in