পাকিস্তানৰে কি সম্পৰ্ক ধেমাজিৰ?

পাকিস্তানৰে কি সম্পৰ্ক ধেমাজিৰ?

ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ পাকিস্তান আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ধেমাজি জিলাৰ মাজত আছে এক সাদৃশ্য। বহুতে কথাটো মন কৰা নাই। দৃষ্টিগোচৰ হোৱা নাই কাৰোৰে। ৩,২২৩বৰ্গ কিঃমিঃ মাটি-কালিৰে গঠিত ধেমাজি জিলাৰ বৰ্তমান জনসংখ্যা ৬,৮৮,০৭৭জন।

কিন্তু  মাটি বা জনসংখ্যাৰ ক্ষেত্ৰত ধেমাজি আৰু পাকিস্তানৰ মাজত মিল নাই। সন্ত্ৰাস জৰ্জৰিত দেশ পাকিস্তান। ২০০৪চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ সময়তে ধেমাজিত সংঘটিত হৈছিল  বিস্ফোৰণ।

ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত পুৱা ৯.৩০ বজাত সংঘটিত এই বিস্ফোৰণত নিহত হৈছিল কণ কণ ছাত্ৰ-ছাত্ৰীসহ ১৮জনকৈ লোক। ৰিমৰ্ট কন্ট্ৰল ডিভাইজেৰে আলফাই সংঘটিত কৰিছিল এই বিস্ফোৰণ।

বিশ্বজুৰি সমালোচনাও হৈছিল আলফা। সেই সন্ত্ৰাসবাদৰ দিশৰ পৰাও কিন্তু ধেমাজিৰ সৈতে মিল নাই চুবুৰীয়া দেশ পাকিস্তানৰ। বানপানীৰ বাবে বাতৰিত চৰ্চাত থকা ধেমাজিৰ সৈতে এই দিশতো নাই পাকিস্তানৰ সাদৃশ্য।

অৱশ্যে ধেমাজিৰ আছে এক সুনাম। বিগত কেবাবছৰ ধৰি ধেমাজি জিলাই উত্তীৰ্ণ হাৰত অসমৰ ভিতৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰি আহিছে। শিক্ষা-দিক্ষাৰ ক্ষেত্ৰত ধেমাজি যথেষ্ট আগবঢ়া। সাংস্কৃতিক ক্ষেত্ৰখনলৈ ধেমাজিৰ বিশেষ অৰিহণা আছে। সেইবোৰৰ তুলনাও পাকিস্তানৰ সৈতে নহয়।

আজি ১৪ আগষ্ট, পাকিস্তানৰ স্বাধীনতা দিৱস। দেশখনে উদযাপন কৰিছে ৭২সংখ্যক স্বাধীনতা দিৱস। ১৯৪৭চনৰ ১৪ আগষ্টত স্বাধীন হৈছিল পাকিস্তান। আনহাতে, পূৰ্বতে লখিমপুৰ জিলা অন্তৰ্গত ধেমাজি আছিল জিলাখনৰ এটা মহকুমা।

বৰ্তমানৰ ধেমাজি জিলা গঠিত হৈছে দুটা মহকুমাৰে। ধেমাজি সদৰ আৰু জোনাই মহকুমাৰে গঠিত এইখন জিলা। য'ত আছে চাৰিটাকৈ ৰাজহ চক্ৰ। সেই কেইটা হ'ল- ধেমাজি, চিচিবৰগাঁও, জোনাই, গোগামুখ। মুঠ ১৩১৫খন গাঁও আৰু দুটা বিধানসভা সমষ্টি ক্ৰমে ধেমাজি আৰু জোনাইৰে গঠিত এইখন জিলা।

পাকিস্তানৰ সৈতে ধেমাজি জিলাৰ সাদৃশ্য আছে ১৪ আগষ্টত। ১৯৮৯চনৰ ১৪ আগষ্টত ধেমাজি জিলা গঠন কৰা বুলি ঘোষণা কৰা হৈছিল । অৰ্থাৎ পাকিস্তানে নতুন ৰাষ্ট্ৰৰূপে স্বীকৃতি পোৱা দিনটোতেই ধেমাজিয়েও নতুন জিলা ৰূপে স্বীকৃতি পাইছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in