ধেমাজিত কোৰোনা সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰাখিছে ৰাইজে…

ধেমাজিত কোৰোনা সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰাখিছে ৰাইজে…

ডিজিটেল সংবাদ, ধেমাজিঃ সমগ্ৰ বিশ্বতেই সন্ত্ৰাস সৃষ্টি কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ চতুৰ্থ দিনাও গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যখনৰ কেইবা ঠাইটো একাংশ দায়িত্বজ্ঞানহীন লোকে লকডাউন অমান্য কৰি বজাৰ-সমাৰ কৰাৰ অচিলাৰে দলে বলে উলাই অহা বিপৰীতে ধেমাজি জিলাৰ গ্ৰাম্যাঞ্চলত দেখা গৈছে ইয়াৰ এক বিপৰীত দৃশ্য।

গাওঁবাসী ৰাইজে অঞ্চলটোৰ গাওঁসমূহত বাহিৰৰ পৰা যাতে কোনো ব্যক্তি প্ৰবেশ কৰিব নোৱাৰে তাৰ কঠোৰ সৰ্তকতা অৱলম্বন কৰিছে৷ কোনো অচিনাক্ত ব্যক্তি অথবা ৰোগৰ লক্ষণ থকা লোকে বাহিৰৰ পৰা যাতে গাৱঁত প্ৰবেশ কৰি এই মৰাত্মক ভাইৰাছৰ সংক্ৰমিত কৰিব নোৱাৰে, গাঁৱৰ কোনো ব্যক্তিয়ে যাতে এই ৰোগ কঢ়িয়াই আনিব নোৱাৰে তাৰ বাবে গাওঁ কেইখনৰ ৰাইজে একত্ৰিত হৈ গাওঁকেইখনৰ প্ৰবেশ পথ জেং, ডাং কিম্বা গছৰ ডাল পাতেৰে বন্ধ কৰি দিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in