ধেমাজিত নিৰ্বাচনী আচৰণবিধি সম্পৰ্কত নৱনিযুক্ত উপায়ুক্তৰ সংবাদমেল আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে বৈঠক…

ধেমাজিত নিৰ্বাচনী আচৰণবিধি সম্পৰ্কত নৱনিযুক্ত উপায়ুক্তৰ সংবাদমেল আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে বৈঠক…

ডিজিটেল সংবাদ, ধেমাজিঃ আগন্তুক বিধানসভা নিৰ্বাচনত ধেমাজি জিলা প্ৰশাসনৰ প্ৰস্তুতি আৰু নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কত ধেমাজি জিলা উপায়ুক্ত ড° জীৱন বিয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেওবাৰে দুপৰীয়া ১২ বজাত এখনি সংবাদমেল অনুষ্ঠিত কৰে । আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সুচাৰুৰূপে অনুস্থিত কৰিবলৈ জিলা প্ৰশাসনে প্ৰস্তুতি চলোৱা সম্পৰ্কে সকলো খনি অৱগত কৰে উপায়ুক্ত গৰাকীয়ে ৷

উল্লেখযোগ্য যে, ১১৩ নং ধেমাজি বিধান সভা সমষ্টিত এইবাৰৰ শেহতীয়া তথ্য অনুসৰি মুঠ ২৪৭,২০৭ ভোটাৰৰ ভিতৰত পুৰুষৰ ভোটাৰৰ সংখ্যা ১২৪ ,৬৬৪ গৰাকী আৰু মহিলা ৰৰ ভোটাৰৰ সংখ্যা হৈছে ১২২ ,৫৪৩ গৰাকী ৷ সমষ্টিটোৰ মুঠ ৩৫৬ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত এইবাৰ নিৰ্বাচনত মুঠ ৫ টা মণ্ডল আৰু ৩০ টা চেক্টৰত সাজু কৰা হৈছে । কোভিড প্ৰট'ক'ল অনুসৰি, এটা ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ১০০০ জন ভোটাৰহে ৰখা উপৰিও ভোটগ্ৰহণ কেন্দ্ৰত সকলোধৰণৰ ক'ভিড প্ৰট'কল সম্পূৰ্ণৰূপে মানি চলা হ'ব বুলি উপায়ুক্তই অৱগত কৰে ৷

উপায়ুক্তই ভোটাৰ সকলক নিচিন্ত মনেৰে নিজৰ বহুমূলীয়া ভোট দান সাব্যস্ত কৰিবলৈ আহিবলৈ আহ্বান জনায় । এইবাৰ নিৰ্বাচনত বিশেষভাৱে ৮০ উৰ্দ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোক সকলক আগতীয়াকৈ পোষ্টেল বেলটৰ জৰিয়তে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব বুলিও উপায়ুক্তই উল্লেখ কৰে । সংবাদ মেলতে উপায়ুক্তই প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতি গৰাকী প্ৰাৰ্থীকেই ৩০. ৮০ লাখ টকাৰ খৰছৰ সীমাবদ্ধ সম্পৰ্কে উল্লেখ কৰে ৷

নিৰ্বাচন বিধি উলংঘা সম্পৰ্কে অভিযোগৰ বাবে স্থাপন কৰা অভিযোগ কক্ষত ০৩৭৫৩-২২৪০১৪ অথবা ৭৫৭৭০৩৫৬৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ সংবাদ মেলত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডা° ধনঞ্জয় ঘনৱাটে সমগ্ৰ জিলা খনতেই নিৰাপত্তাৰ সম্পৰ্কীয় সকলোধৰনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । আৰক্ষী অধীক্ষক গৰাকীয়ে নিৰ্বাচনৰ সমচোৱাত জৰুৰী ভাৱে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগৰ বাবে ৬০২৬৯০০৩৫৬ নম্বৰটোত সকলো ৰাইজৰ বাবে উপলব্ধ থাকিব বুলি জানিব দিয়ে ।

সংবাদমেলত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে শান্তিপূৰ্ণ নিৰ্বাচন অনুস্থিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ৷ ইফালে, সংবাদমেলৰ আগমুহূৰ্ত্তত পুৱা ১১ বজাত উপায়ুক্ত ড° জীৱন বি ৰ পৰিচালনাত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা খনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ উপস্থিতিত নিৰ্বাচনী আচৰণবিধি সম্পৰ্কত এখনি জৰুৰী সভা অনুষ্ঠিত হয় ।

সভাত উপায়ুক্ত গৰাকীয়ে আগুন্তুুক নিৰ্বাচন সংক্ৰান্তীয় নীতি নিৰ্দেশনাসমূহ, পোষ্টেল বেলট প্ৰক্ৰিয়া তথা ভোটদানৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰা কোভিড-১৯ৰ নিৰ্দেশাৱলীসমূহ বিষদভাৱে ব্যাখ্যা কৰে । নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰটো ৰাজনৈতিক দলবোৰক ক'ভিড প্ৰ'টকল মানি চলিবলৈ উপায়ুক্তই আহ্বান জনায় । সভাত ধেমাজি নিৰ্বাচনী বিষয়া স্বৰাজ ভাৰত লাগাছুয়ে নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বক্তব্য আগবঢ়ায় ।

উপায়ক্তই নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ লগে লগে জিলা আৰক্ষী প্ৰশাসনৰ লগতে নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষ আৰু ফ্লাইং স্কোৱাদসমূহ সষ্টম হৈ পৰা বুলি উপায়ুক্তই ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক অৱগত কৰে ৷ সভাত উপায়ুক্ত ড° জীৱন বি, আৰক্ষী অধীক্ষক ডা° ধনঞ্জয় ঘনাৱট , ধেমাজি জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত দিপাংকৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ নাথ. দেউৰী , সহকাৰী আয়ুক্ত সংগীতা চৰকাৰ ,ধেমাজি জন সংযোগ বিষয়া দিব্যজ্যোতি শৰ্মাৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও অন্যান্য বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in