ধেমাজিত কোভিড আক্ৰান্তৰ বাবে যোগ প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ…

ধেমাজিত কোভিড আক্ৰান্তৰ বাবে যোগ প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ…

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজিৰ ক'ভিড আক্ৰান্ত লোকসকলৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সবল কৰি তোলাৰ উদ্দেশ্য ধেমাজি জিলাৰ প্ৰশাসনৰ উদ্যোগত তেলিজানস্হিত আন্তঃ জিলা বাছ আস্হানত থকা ক'ভিড কেন্দ্ৰত শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা ৮ বজাৰলৈকে প্ৰায় এক ঘন্টা ধৰি এটি যোগ প্ৰশিক্ষণ শিৱৰৰ শুভাৰম্ভণি কৰে ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ উদ্য়ন ৱৰুৱাই ৷

শুভাৰম্ভণি অনুষ্ঠানত ডাঃ বৰুৱাই বক্তব্যত অতীজৰ পৰাই ৰ্ঋষি মুনিসকলে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল হৈ থাকিবলৈ যোগ আৰু প্ৰানায়ম কৰি আহিছে বুলি উল্লেখ কৰে ৷ বক্তব্যত তেওঁ যোগ আৰু সাধনাৰ জৰিয়তে পাব পৰা বিভিন্ন উপকাৰিতা বিষয়ে ভাষনত বিষদভাৱে উল্লেখ কৰে ৷

যোগ প্ৰশিক্ষণ শিৱিৰত উপস্থিত থকা ধেমাজি জিলা উপায়ুক্ত পি . বিজয় ভাস্কৰ ৰেড্ডীয়ে বক্তব্যত কয় যে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ক'ভিড – ১৯ মহামাৰীক পৰাজিত কৰিবলৈ বিভিন্ন ধৰনৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে জানিবলৈ দিয়ে ৷ উপায়ুক্ত গৰাকীয়ে ভাষন প্ৰসংগত ক'ভিড আক্ৰান্ত লোকসকলে যাতে যোগ প্ৰানায়মৰ জৰিয়তে সোনকালে আৰোগ্য লাভ কৰিব পাৰে তাৰ বাবে এই যোগ প্ৰশিক্ষণ কাৰ্য্যসূচী শিৱিৰ লোৱা হৈছে কয় ৷

ধেমাজি জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰচাৰ মাধ্যমৰ বিষয়া ড° অচ্যুত গগৈয়ে আঁত ধৰা প্ৰশিক্ষণ শিৱিৰটিত ধেমাজিৰ আৰোগ্য যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক পুলেন দাসৰ দ্বাৰা যোগ প্ৰশিক্ষণ দিয়া হয় ৷উল্লেখযোগ্য যে শুকুবাৰে অনুষ্ঠিত হোৱা যোগ প্ৰশিক্ষণটিত মঠ ৭৬ গৰাকী ক'ভিড আক্ৰান্ত ৰোগীয়ে অংশ লয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in