ধেমাজি নেহৰু যুৱকেন্দ্ৰৰ দ্বাৰা ২০টাকৈ যুৱক সংঘৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ ও যুৱ সমাৰোহ অনুষ্ঠিত…

ধেমাজি নেহৰু যুৱকেন্দ্ৰৰ  দ্বাৰা ২০টাকৈ যুৱক সংঘৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ ও যুৱ সমাৰোহ  অনুষ্ঠিত…

ডিজিটেল সংবাদ, ধেমাজিঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰনালয়ৰ অধীনস্থ ধেমাজি জিলা নেহৰু যুৱকেন্দ্ৰৰ উদ্যোগত ধেমাজি সাহিত্য সভা ভৱনত শুকুবাৰে জিলা যুৱ সমাৰোহ অনুষ্ঠিত হয় । পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে মৰিঢল মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ভূপেন গগৈয়ে ৷

ধেমাজি জিলা নেহৰু যুৱ কেন্দ্ৰৰ প্ৰাক্তন স্বেচ্ছাসেৱিকা জিম্লী শইকীয়াই আঁত ধৰা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ জিলা ক্ৰীড়া বিষয়া মৃদুল দত্ত , ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ ও এন এচ এচ প্ৰগ্ৰেম বিষয়া ৰাজুমণি ভূঞা , ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ৰক্ষী আই ই চি বেদজ্যোতি শইকীয়া , যোগ প্ৰশিক্ষক যোগেন বৰগোঁহাইকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি যুৱক-যুৱতী সকলক সামাজিক , শৈক্ষিক , সাংস্কৃতিক তথা ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়াৰ লগতে স্বাস্থ্য , খোৱাপানী , জলসিঞ্চন , যোগাসন সৰ্ম্পকীয় বিভিন্ন বিষয় সম্পৰ্কে বক্তব্য দাঙি ধৰে ।

যুৱ সমাৰোহত ধেমাজি নেহৰু যুৱ কেন্দ্ৰৰ জিলা সমন্বয়ৰক্ষী বিষয়া সুজাতা ভৌমাক আৰু নৱজ্যোতি গোহাঁইয়ে বক্তব্যত আগন্তুক দিনত শৈক্ষিক , সাংস্কৃতিক , ক্ৰীড়া আদি ক্ষেত্ৰত আগবাঢ়ি যাবলৈ ধেমাজি জিলাৰ যুৱক-যুৱতী সকলক সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে । সমাৰোহত ধেমাজি জিলাখনৰ ২০টাকৈ যুৱক সংঘৰ মাজত ফুটবল, ভলীবল, বেডমিন্টন আদি ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in