বিবাহৰ দুমাহ পিছৰ পৰাই নিৰ্যাতনঃ স্বামীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিয়েই দায়িত্ব সামৰিছে চিলাপথাৰ আৰক্ষীয়ে…

বিবাহৰ দুমাহ পিছৰ পৰাই নিৰ্যাতনঃ স্বামীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিয়েই দায়িত্ব সামৰিছে চিলাপথাৰ আৰক্ষীয়ে…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ৰতনপুৰৰ স্বৰ্গীয় সৰ্বেশ্বৰ দলেৰ কন্যা যোগমায়া দলেয়ে স্নাতক ডিগ্ৰীধাৰী যুৱতী গৰাকীয়ে বিবাহ হোৱা এবছৰ নৌহওঁতেই কেৱল যৌতুকৰ বাবেই স্বামী আৰু স্বামী গৃহৰ পৰিয়াল বৰ্গই অমানবীয় শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱা পিছত ন্যায় বিচাৰি আৰক্ষী থানাত অপৰাধী সকলৰ বিৰুদ্ধে এজেহাৰ দাখিলৰ পিছতো ঘটনা তদন্ত কৰা পৰিবৰ্তে উলোটাহে আৰক্ষীয়ে গোচৰীয়াক ধমক দিয়া ঘটনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ ফোপোলা স্বৰূপ ওলাই পৰিছে ৷

প্ৰসংগ ক্ৰমে গোচৰ দিয়া এমাহ পাৰ হৈ যোৱা পিছতো গোচৰীয়াক ন্যায় দিয়া পৰিবৰ্তে আৰক্ষী থানালৈ পুনৰ গোচৰীয়াক নাযাবলৈ আৰু তেওঁ দিয়া গোচৰৰ বিষয়কলৈ আৰক্ষীয়ে যাবলৈ সময় নাই বুলি কোৱা কাৰ্য্যত গোচৰীয়া যোগমায়া দলেহে বিমোৰত পৰিছে ৷ উপায়ন্তৰ নিৰ্যাতিত যোগমায়াই শনিবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে ৷ ঘটনাৰ সবিশেষ বৰ্ননা কৰি শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত যোগমায়া দলেয়ে জনোৱামতে যোগমায়াই বিগত বৰ্ষৰ ২০২০ চনৰ ১১ নৱেম্বৰত চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই নং মেছাকী টঙানি গাওঁৰ সোনাধৰ পেগুৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৷

সামাজিক ৰীতি-নীতি অনুসৰি বিবাহ হোৱা এমাহমানৰ ভিতৰতেই ৬ ডিচেম্বৰত মিতিৰ- কুটুমৰ নিয়মো পতা হয় ৷ উল্লেখ্য যে এই বিবাহ হোৱা দুমাহমান পিছৰ পৰাই স্বামী সোনাধৰ পেগুৱে যোগমায়াৰ ওপৰত দিনে ৰাতিয়ে প্ৰায়ে শাৰীৰিক নিৰ্যাতন চলাই যৌতুক বিচাৰি থাকে ৷ বিচৰামতে যদি বস্তু দিব নোৱাৰা তেন্তে এই স্হান ত্যাগ কৰিব লাগিব বুলিও প্ৰায়ে ভাবুকি দি আহিছিল ৷

এনেদৰে শাৰীৰিক নিৰ্যাতনৰ ফলত গৰ্ভত থকা সন্তানটিও ৭ মাহতেই চলিত বৰ্ষৰ ৩ ছেপ্তেম্বত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ততাতৈয়াকৈ চিজাৰিন কৰিব লগীয়া হয় ৷ অৱেশ্যে জন্ম হোৱা সন্তাটি গৰ্ভত থকা অৱস্থাত মাতৃয়ে দেহত নিৰ্যাতন পোৱা ফলতেই সন্তানটিয়ে জন্ম হৈ কিছুদিন থকা পিছতেই মৃত্যুমুখত পৰে বুলি যোগমায়াই অৱগত কৰে ৷ আন এক অভিয়োগ মতে যোগমায়াই ডিব্ৰুগড় চিকিৎসালয়ত থকা অৱস্থাতো তেওঁ স্বামী পৰিয়ালে কোনো গুৰুত্বই নিদিলে ৷

একমাত্ৰ যোগমায়াৰ বিধবা মাতৃ আৰু তেওঁৰ পৰিয়ালে কৰা চিকিৎসাৰ বাবেই তেওঁৰ আৰোগ্য হোৱা বুলি জানিবলৈ দিয়ে ৷ সংবাদমেলত যোগমায়াই জনোৱা মতে বিগত মাহৰ ১৪ অক্টোৱৰত স্বামী সোনাধৰ পেগুৰ আৰু তেওঁৰ পিতৃ নৰেন পেগু মাতৃ হেমপ্ৰভা পেগু ভাতৃ দ্বয় নিগম পেগু আৰু বিবেক পেগুয়ে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছিল ৷ অতি অন্যায়ভাৱে ঘৰৰ অন্ধকাৰ কোঠাৰ ভিতৰতে একো খাবলৈও নিদিয়াকৈ আৱদ্ধ কৰি ৰাখি যান্ত্ৰণা দিয়া কাৰ্য্যয়ে পৰিয়ালটোৰ অমানবীয় চুড়ান্তৰ পৰিচয় স্পষ্ট হৈ পৰিছে ৷

অৱেশ্যে অঞ্চলৰ দুই এক শুভাকাংক্ষী তৎপৰতাত ঘটনাস্হলিৰ পৰা কিছু দূৰত থকা ডাম্বোক আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত যোগমায়াক চিলাপথাৰ আৰক্ষী থানালৈ নিৰাপত্তাৰ বাবে লৈ যায় ৷ আৰক্ষীয়ে যোগমায়া দলেৰ পৰিয়ালক ঘটনাৰ বিষয়ে অৱগত কৰাত ধেমাজিৰ পৰা পৰিয়ালৰ লোকে গৈ যোগমায়াক ঘৰলৈ লৈ আহিব লগীয়া অৱস্থা হয় ৷ অৱেশ্যে যোগমায়া ওপৰত কৰা অমানুষিক অত্যাচাৰ সম্পৰ্কে চিলাপথাৰ আৰক্ষী থানাত ঘটনা দিনাই এজেহাৰ দাখিল কৰা হৈছিল যদিও ৰহস্যজনকভাৱে চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুহিধৰ টায়ে আৰু ঘটনাৰ তদন্তকাৰী আৰক্ষী বিষয়া কুলধৰ কোৱঁৰে কোনো গুৰুত্বই নিদিলে ৷

বৰঞ্চ তদন্তকাৰী আৰক্ষী বিষয়া কুলধৰ কোঁৱৰে গোচৰটো সংক্ৰান্তত- মোৰ সময় নাই , তোমালোকৰ গোচৰটোৱে নহয় মোৰ আৰু বহুতো গোচৰ আছে, সময় নাই বুলি কোৱা উপৰিও তুমি কি কৰা কৰি থাকা মই কৰিবলৈ একো নাই বুলি কৈ যোগমায়া আৰু যোগমায়াৰ মাতৃ সূমিত্ৰা পেগু দলেক ধমক দি পঠিয়াই দিয়ে ৷ জানিব পৰা মতে আৰক্ষীয়ে অপৰাধী সাৰি যোৱা কৌশলেৰে এটি নাম মাত্ৰ গোচৰ ৰোজু কৰে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে এজন অপৰাধীকো গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা এজনকো সোধাপোছা কৰিবলৈও সক্ষম হোৱা নাই চিলাপথাৰ আৰক্ষীয়ে ৷ সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানকো বিষয়টো হস্তক্ষেপ কৰি অপৰাধী সকলক তৎকালীন গ্ৰেপ্তাৰ কৰি যোগমায়াক ন্যায় বিচাৰ প্ৰদান কৰিবলৈ সংবাদমেলৰ জৰিয়তে যোগমায়াই কাতৰ আহ্বান জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in