ধেমাজিত নিৰ্বাচনী দায়িত্বত নিয়োজিত নিৰাপত্তাৰক্ষীক পাপ্য মাননি আদায় নিদিয়াক লৈ উত্তেজনা…

ধেমাজিত  নিৰ্বাচনী দায়িত্বত নিয়োজিত  নিৰাপত্তাৰক্ষীক পাপ্য মাননি আদায় নিদিয়াক লৈ উত্তেজনা…

ডিজিটেল সংবাদ ,ধেমাজিঃ ৰাজ্যত অহা কাইলৈ অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহনৰ বাবে ধেমাজি জিলা প্ৰশাসনে সম্পূৰ্ণ সাজু হৈছে ৷ শুকুবাৰে ধেমাজি ডি. আৰ. ডি .এ কাৰ্য্যালয়ৰ প্ৰাংগনত পুলিং পিজাইডিং আৰু আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ১১৩নং ধেমাজি বিধান সভাৰ সমষ্টিৰ ভোটকেন্দ্ৰসমূহলৈ সামগ্ৰীসমূহ লৈ ৰাওনা হ'বৰ বাবে প্ৰস্তুতি চলাই থকা সময়তে কৰ্তব্যৰত নিয়োজিত হবলগীয়া আৰক্ষী জোৱানসকলে পাপ্য মাননি নাপাই এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ধেমাজি চাৰি আলিস্হ আঞ্চলিক পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰাংগনত ৷

প্ৰাপ্ত অভিযোগমতে নিবাচনী কৰ্তব্য সম্পাদন কৰিবলৈ আহি এইসকল আৰক্ষী কনিষ্টবল , গৃহৰক্ষী জোৱানসকলে নিৰ্বাচনৰ কামলৈ অহা দিনাৰে পৰা প্ৰয়োজনীয় খাদ্য সামগ্ৰী ও জিলা প্ৰশাসনে খৱৰ লোৱা নাই ৷

বৰঞ্চ ভোট গ্ৰহন কেন্দ্ৰলৈ যাওঁতে পাবলগীয়া পাপ্য মাননি খিনিও আদায় নিদি চৰম প্ৰবঞ্চনা কৰিছে বুলি প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে নিৰাপত্তাৰ দায়িত্ব নিয়োজিত জোৱানসকলে প্ৰতিবাদ কৰে ৷ পিছত তৎতাতৈয়াৰ কৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে গৈ নিৰাপত্তাৰক্ষী সকলৰ সমস্যা টোৰ অৱগত হৈ সমাধান কৰাতে তেওঁলোকে কৰ্তব্যৰত স্হান ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in