ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে…

ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে…

ডিজিটেল সংবাদ, ধেমাজিঃ ২২ ছেপ্টেম্বৰৰ নিশা ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজি জিলা বৰদলনি মলতি গাঁৱৰ জিতেন গগৈৰ মৃতদেহ বুধবাৰে ৰাতিপুৱা বাসগৃহ পোৱাৰ পিছতেই এক শুকাকুল পৰিবেশৰ সৃষ্টি হয়৷ জিতেনৰ মৃত্যু দেহ পৰিয়াল অঞ্চলৰ ৰাইজে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাই অন্তিম সৎকাৰ কৰে৷ জিতেনৰ মৃত্যু ঘটনাই গাওঁখনৰ লগতে সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পৰিছে ৷

বিগত ডেৰ বছৰ মানৰ পৰাই গুৱাহাটীৰ লখৰাৰ গুল্ডদেন কা'গ মাৰোতি চাৰ্ভিছ গেৰলিয়া কোম্পানীত ট্ৰাক চালক হিচাপে কাম কৰি থকা জিতেন গগৈয়ে ঘটনাৰ আগদিনাই গুৱাহাটীৰ পৰা আহি পিছদিনা ৰাতি ১.৩০ মান বজাত ডিমাপুৰ পাইছিল ৷ ডিমাপুৰ বজাৰ পোৱা পিছতেই জিতেনে ভাতৃ নিতুল গগৈলৈ ফোন কৰি খা- খৱৰ লয় ৷

আনকি তেওঁ বন্ধু গকুল ৰায়লৈ ফোন কৰি কথা বাৰ্তা হৈছিল বুলি জনায় ৷ বুধবাৰে সন্ধিয়া জিতেনৰ গৃহত এই ঘটনাৰ বিষয়ে বিৱৰি কয় যে- জিতেনে ফোনত গকুল ৰায়ৰ আগত ডিমাপুৰৰ পৰা ঘটনাস্হলী ডিমাপুৰৰ খটখটিৰ লাফালাঙালৈ প্ৰায় আধা ঘন্টা সময় লাগে বুলিও ফোনত কৈছিল ৷

উল্লেখ্য যে, এই খটখটি লাফালাঙাতেই গল্ডেন কা'গু লখৰা মাৰোতি চাৰৰ্ভিছৰ গোদাম ঘৰটো আছিল৷ জিতেনে উক্ত গোদাম ঘৰটো পাবলৈ অলপ সময় থাকোতেই লগে লগেই কোনো লোকে গাড়ীখনৰ আগফালৰ পৰাই প্ৰথমে গাড়ী গিলাচত গুলিয়াই পিছত জিতেনৰ বুকুত গুলিয়াই দিয়ে থিতাতে হত্যা কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in