ধেমাজিৰ বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত ‘ৰং-তুলিকাৰে এদিন’

ধেমাজিৰ বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত ‘ৰং-তুলিকাৰে এদিন’

ডিজিটেল সংবাদ, ধেমাজিঃ স্বাধীনতা দিৱস মানেই এতিয়া ধেমাজিৰ বাবে দুৰ্বিসহ স্মৃতি। ২০০৪চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসত সংঘটিত ১৮জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল।

তাৰ পাছৰ পৰাই স্বাধীনতা দিৱসৰ পূৰ্বৰ মাদকতা ম্লান পৰিছিল। ১৫বছৰ পাছত পুনৰ জিলাখনত স্বাধীনতা দিৱসৰ আয়োজনৰ তৎপৰতা দেখা পোৱা গৈছে।

ধেমাজি বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতিত ধেমাজি মহাবিদ্যালয়ত ১৬ আগষ্টত আয়োজন কৰা হৈছে 'ৰং-তুলিকাৰে এদিন' শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ নবীন-প্ৰবীন একোগৰাকী চিত্ৰ-ভাস্কৰ্য শিল্পীয়ে। বাটৰ কেনভাছ অসমৰ ধেমাজি শাখা আৰু ৰং ধেমাজিৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in