প্ৰতীকি ফটো
প্ৰতীকি ফটো

ধেমাজিত HIV আক্ৰান্ত ৰোগীৰ সংখ্যা ১১০ লৈ বৃদ্ধি…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাত উদ্বেজনকভাৱে এইচ আই ভি (HIV) আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হ'বলৈ ধৰা ঘটনাই জিলাখনৰ সচেতন ৰাইজক চিন্তিত কৰি তুলিছে৷ জিলা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি শেহতীয়াকৈ জিলাখনত এইচ আই ভিৰ আক্ৰান্ত লোকৰ সংখ্যা হ'লগৈ ১১০ গৰাকী ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে- মহামাৰী কোভিড পৰিস্থিতিৰ সময়তে এনে খবৰে জিলাবাসীৰ বাবে ভয়াৱহতাৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে অসম-অৰুণাচলৰ সীমান্তৰ্ৱতী জিলা হিচাপে ধেমাজিলৈ সঘনাই বিভিন্ন লোকৰ আগমন ঘটা ফলতেই জিলাখনত স্বাভাৱিকতেই ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে HIV আক্ৰান্তৰ ৰোগী ৷ ৰাজ্যত ড্ৰাগছ প্ৰচলনক কেন্দ্ৰ কৰি চৰকাৰে শেহতীয়াকৈ লোৱা পদক্ষেপে ড্ৰাগছ প্ৰচলনৰ কিছু হ্ৰাস পাইছে যদিও ইয়াৰ আগে জিলাখনৰ বিভিন্ন স্হানত সিচৰিত হৈ থকা ড্ৰাগছ সেৱনকাৰী লোকসকলৰ দেহত এইচ আই ভি পজিটিভ আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হোৱা কথাও সদৰী কৰিলে ধেমাজি জিলা এইডছ নিয়ন্ত্ৰণৰ দায়িত্বত থকা চৰকাৰী চিকিৎসকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in