ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী…

ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী…

ডিজিটেল সংবাদ, ধেমাজিঃ যোৱা ১৮ জানুৱাৰীৰ পৰা সাতদিনীয়াকৈ ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ধেমাজি ডি. আৰ. ডি. এৰ কাৰ্য্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈ থকা ধেমাজি জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ কাৰ্য্যসূচী শুনিবাৰে ষষ্ঠ দিনৰ কাৰ্য্যসূচীৰ সৰ্ম্পূণ হয়৷ শুনিবাৰে বিয়লি ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশ শীৰ্ষক এখনি কৰ্মশালা সম্পূৰ্ণ হয় ৷

কৰ্মশালাখনি উদ্ধোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰবী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই ৷ কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি বক্তব্য আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উদ্দীপ্তজ্যোতি গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক উৎপল শৰ্মাই৷ গ্ৰন্থ উৎসৱত ধেমাজি জিলা ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা তৃতীয় খন গ্ৰন্থ উন্মোচন হয় ৷

ধেমাজিৰ বিশিষ্ট লেখিকা নিবেদিতা বড়া সন্দিকৈ য়ে সম্পাদনা কৰি উলিওৱা "বেজবৰুৱাৰ সৃষ্টি আৰু দৃষ্টি" শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভানেত্ৰী বিনীতা গাৰোড়িয়াই৷ সন্ধিয়া ৫ বজাত ধেমাজি জিলা মইনা পাৰিজাতৰ বিচিত্ৰানুষ্ঠান লগতে সন্ধিয়া ৭ বজাত ধেমাজি নৃত্যাঞ্জলি আৰু ৰিমজিম ডেন্স একাডেমিৰ অনুষ্ঠান পৰিবেশন হয় ৷

ইফালে, শুকুৰবাৰে অনুষ্ঠিত হোৱা পঞ্চম দিনাৰ কাৰ্যসূচীৰ পুৱাতে হোৱা ৰচনা প্ৰতিযোগিতাৰ পিছতেই অসম সাহিত্য সভা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ শীৰ্ষ গীতেৰে অনুষ্ঠান আৰম্ভ হয় ৷ উপস্থিত অতিথি সকলক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে সম্বৰ্ধনা জনোৱা পিছতেই বিয়লি ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° সত্যকাম বৰ ঠাকুৰ দ্বাৰা সঞ্চালনাৰ কৰা অনুষ্ঠানত ধেমাজি জিলা সাহিত্য সভাৰ সাধাৰন সম্পাদক ৰনজিৎ চিৰিঙে বক্তব্য প্ৰদান কৰে৷

মাছখোৱা শাখা সাহিত্য সভাৰ দিক্ষীত শইকীয়াই আধুনিক নৃত্য পৰিৱেশন কৰা পিছতেই ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ শিক্ষাত্ব বিভাগৰ অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই য়ে বক্তব্য প্ৰদান কৰে৷ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ স্নহা, যেচিকা বসুমতাৰী , স্মৃতি বৰা আৰু স্বস্তিকা শইকীয়াই সত্ৰীয়া নৃত্য পৰিৱেশন কৰা পিছতেই উত্তৰ লখিমপুৰ মহাবিদ্যালয় স্বায়ত্ব শাসিত অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই বক্তব্য প্ৰদান কৰে ৷

ধৃতিদীপা দত্তৰ গল্প সংকলন "গছ কটা মানুহ জন" উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাত্ব বিভাগৰ অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° সত্যকাম বৰঠাকুৰে সঞ্চালনাৰ কৰা সভা খনত গুনলতা ফুকনৰ প্ৰৱন্ধ গল্প পুথি জিলিঙনি উন্মোচন কৰে মৰিঢল মহাবিদ্যালয়ৰ অধ্যাপিকা ড° পূৰৱী দুৱৰাই ৷

আনহাতে, পঞ্চম দিনাৰ কাৰ্যসূচীত ধেমাজি গ্ৰন্থ উৎসৱত ধেমাজি জিলা ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰকাশিত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° পল্লবী ডেকা বুজৰবৰুৱা দ্বাৰা সম্পাদিত "তুলনামূলক সাহিত্য আৰু পৰিধীয় ক্ষেত্ৰ" ধেমাজি জিলা সাহিত্য সভা আৰু ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ তত্ত্বাৱধানত অনুষ্ঠিত অসমীয়া সাহিত্যৰ শেহতীয়া ধাৰাৰ সম্পকীয় আলোচনা চক্ৰত উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° সত্যকাম বৰ ঠাকুৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in