ধেমাজিত ৰাই আৰু বালিচৰী নৈ সংহাৰী ৰূপঃ জলমগ্ন অৰ্ধশতাধিক গাওঁ…

ধেমাজিত ৰাই আৰু বালিচৰী নৈ সংহাৰী ৰূপঃ জলমগ্ন অৰ্ধশতাধিক গাওঁ…


ডিজিটেল সংবাদ ,ধেমাজিঃ গাই আৰু জীয়াঢলৰ তাণ্ডৱৰ পিছত এইবাৰ ৰাই আৰু বালিচৰী নামৰ দুখন পাহাৰীয়া নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰি দেওবাৰৰ পুৱাতে ত্ৰাসৰ সৃষ্টি কৰি ধেমাজিৰ বহু কেইখন গাওঁত আচম্বিতে অহা বাঢ়নী পানীয়ে বিষ্ণুপুৰ পঞ্চায়ত , উত্তৰ ধেমাজি পঞ্চায়ত , লক্ষীপথাৰ পঞ্চায়ত , মৰাধল পঞ্চায়ত ৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰে ৷

বিশেষকৈ লক্ষীপথাৰ কছাৰী , বৰাজান কছাৰী , লক্ষীপথাৰ কৈৱৰ্ত্ত , বালিজাও , হাঁহচৰা, গুটুং , লেলৱনি , মাজগাওঁ , দেৰঘৰীয়া ,কপাতলী যোগতলী ,ঘিলাগুৰি, মৰিধল খজোঁৱা কানিবিল , আদি কে ধৰি অধ' শতাধিক গাৱৰ ঘৰ ,বাৰী ,খেতি পথাৰ অনিষ্ট কৰে ৷ ঘৰৰ চতালত এবুকু লৈকে হোৱা বাঢ়নী পানীৰ বাবে বহু কেইখন গাওঁত হাহাকাৰ অৱস্হাৰ সৃষ্টি হৈছে ৷

বানত বহু ঘৰ বাৰী পানী তলত থকা লগতে বহু পৰিয়ালৰ পুখুৰী মাছ ওলাই যোৱাৰ পিছত মূৰে কপালে হাতদিবলগীযা হৈছে ৷ আজি আচম্বিতে অহা তীব্ৰ গতিত বাঢ়ি অহা পানীয়ে বহুকেইটা পথ বিধৱস্ত কৰা লগতে বৰাজান কছাৰী গাৱৰ এশ তিশ টা পৰিয়াল এন ডি আৰএফ আৰু এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে ৷

স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰাত লক্ষীপথাৰ হাইস্কুল ত থকা উপৰিও বানত বিধৱস্ত সকলক দুপৰীয়া ভাত সাজ খোবা ব্যৱস্থা কৰি দিয়ে । ইতিমধ্যে বৰা জান কছাৰী গাওঁৰ এশ তিশটা পৰিয়ালে লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ পাতি থাকিব লগীয়া হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in