ধেমাজিত বানৰ সংহাৰী ৰূপ, কেইবাটাও পৰিয়াল বানৰ কবলত…

ধেমাজিত বানৰ সংহাৰী ৰূপ, কেইবাটাও পৰিয়াল বানৰ কবলত…

ডিজিটেল সংবাদ , ধেমাজি : কালিৰে পৰা অসম অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দেওবাৰে ধেমাজি জীয়াধল , কুমতীয়া নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰন কৰিছে৷ নদী দুখনৰ বাঢ়নী পানীয়ে জীয়াঢলৰ কেইবাখনো গাওঁত বানে বিধ্বস্ত কৰিছে ৷

তথ্য মতে অঞ্চলটোৰ দিহিৰি গাওঁ , চাপৰি, দিহিৰি কছাৰী , ২নং চাংমাই দলনি , তিনিঘৰীয়া আজাবাৰী , তিনিঘৰীয়া কেকুঁৰি , ৩ নং কমলপুৰ , দিহিৰি লেপং গাওঁৰ ডেৰ শতাধিক পৰিয়াল বানত হাহাকাৰ অৱস্থা হৈছে ৷ বিধ্বস্ত গাওঁ কেইখনৰ ভালেসংখ্যক লোকে ঘৰ – চালত আৰু গছৰ ওপৰত উঠি প্ৰাণ ৰক্ষা কৰিছে ৷ দুপৰীয়া এচ ডি আৰ এফৰ বাহিনীৰ কৰ্মীসকলে অভিযান চলাই কেইবাটাও পৰিয়ালক উদ্ধাৰ কৰে ৷

ইতিমধ্যে ১৮৮ টা বন্যাৰ্ত পৰিয়ালে স্বৰ্ণপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু লালুকীজানত ৪৫ টা পৰিয়ালে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে ৷ ইপিনে বিয়লি ১ বজাৰ পৰা ৪ বজাৰ পৰ্যন্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চমৰাজান অংশৰ কুমতীয়া দলঙত বাঢ়নী পানীৰ প্ৰৱল হেঁচা ফলত দলংখনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য কৰি জিলা প্ৰশাসনে দলঙৰ ওপৰেৰে যাতায়ত বন্ধ কৰি দিব লগীয়া হয়।

যাৰ ফলত কুমতীয়া দলঙৰ দুয়োপাৰে বহু সংখ্যক গাড়ী বিয়লি পৰ্যন্ত আৱদ্ধ হৈ পৰে ৷ এই বাতৰি যুগুত কৰাৰ সময়লৈকে যাতায়ত ব্যৱস্থা বিঘ্নিত হোৱাৰ বিপৰীতে অৰুণাচলবাসীৰ লগতে ধেমাজি জিলাবাসীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ হিচাপে ঘিলামৰা- গোগামুখ পথেৰে যাতায়ত কৰিবলগীয়া হোৱাত পথচাৰীয়ে হাঁহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in