ধেমাজিত বিশাল নিৰ্বাচনী সভাত ৰনোজ পেগুক বিপুল ভোটত জয়ী কৰাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ধেমাজিত বিশাল নিৰ্বাচনী সভাত ৰনোজ পেগুক বিপুল ভোটত জয়ী কৰাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল সংবাদ, ধেমাজি: আগন্তুক প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হ'ব লগা বিধান সভা নিৰ্বাচনৰ বাবে নিজ নিজ দলৰ প্ৰাৰ্থী সকলক জয়ী কৰাই নিবলৈ ৰাজ্যৰ ৰথী-মহাৰথী সকলে আহি ভোটাৰৰ মন জয় কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে ৷ শনিবাৰে বিয়লি ধেমাজি তেলিজান পথাৰত অনুষ্ঠিত হোৱা ধেমাজি বিজেপি নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকে ৷

বিয়লি আকাশ মাৰ্গে আহি উপস্থিত হোৱা মন্ত্ৰী হিমন্তই প্ৰায় এক ঘন্টা সময় ধৰি নিৰ্বাচনী সভাত বক্তব্য ৰাখি কেৱল উন্নয়নৰ জয় গান , কংগ্ৰেছ আৰু আজমলক চোকা সমালোচনা কৰিয়েই বিজেপি দলৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুক ভোট দি জয়ী কৰাবলৈ ৰাইজলৈ আহবান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোট ভিক্ষা কৰে৷ আহোম ৰজা চ্যুকাফাৰ দ্বিতীয় ৰাজধানী পশ্চিম ধেমাজিৰ হাবুংক অসমৰ ভিতৰতে এখন উল্লেখযোগ্য তীৰ্থস্থানলৈ উন্নীত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্তই ইয়াৰ আৰু উন্নয়নৰ বাবে ৫০ কোটি টকাৰ ঘোষনা কৰাৰ লগতে অহা ছমাহৰ ভিতৰত ধেমাজিত এখন মেডিকেল কলেজৰ আধাৰশিলা স্হাপন কৰাৰ উপৰিও ধেমাজি নগৰ খনৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ বিশেষ পেকেজ দিয়া হ'ব বুলিও বক্তব্যত তেওঁ উল্লেখ কৰে ৷

শনিবাৰে ধেমাজি তেলিজান পথাৰত ধেমাজি সমষ্টিৰ বিজেপি মিত্ৰ জোটঁৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুৰ সমৰ্থনত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত অংশ কৰা মন্ত্ৰী হিমন্তই ভাষণত কয় যে- আজমলৰ বুকুচাত উঠি মূখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনক তীব্ৰ সমালোচনাৰে থকা সৰকা কৰি কংগ্ৰেছে অসমত ধুতি লুঙিৰ ৰাজনীতি কৰিছিল কিন্ত তাৰ বিপৰীতে বিজেপিয়ে শিক্ষা আৰু চিকিৎসালয়ৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰে৷ বিদেশীৰ ৰক্ষক কংগ্ৰেছ আৰু আজমলৰ লগত সদৌ অসম ছাত্ৰ সন্থা আছে নে নাই সেইয়া ৰাজহুৱা কৰিবলৈ ছাত্ৰ সন্থাক আহ্বান জনায় ।

ছাত্ৰ সন্থাই ৰাষ্টাত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি অসমৰ উন্নয়ন কৰিব নোৱাৰে ভাষণ প্ৰদান কৰি কংগ্ৰেছক এতিয়া নচলা পইচা বুলি তীব্ৰতা কটাক্ষ কৰি কংগ্ৰেছ বুলি কলে গেলামালৰ দোকানীয়েও বাকী নিদিয়ে বুলি তীৰ্যক মন্তব্য কৰে ৷ ভাষণত উত্তেজিত হৈ পৰা মন্ত্ৰী হিমন্তই বক্তব্যত আজমলক কেতিয়াও বৰ ঘৰত সুমাবলৈ নিদিবলৈ ৰাইজক আহবান জনায়৷

যদি ৰাইজে কংগ্ৰেছক ভোট দিয়ে তেন্তে আজমলক শক্তিশালী কৰা হ'ব বুলিও উল্লেখ কৰে৷ ৰাইজে কংগ্ৰেছক ভোট দিলে আজমলৰ জৰিয়তে কেৱল ধূতী – লুঙীয়ে পাব কিন্ত বিজিপিক জয়ী কৰালে অৰুনোদয় আচঁনি, শ্বয়ং আচঁনিকে ধৰি বিভিন্ন আচঁনি সমূহ ৰাইজে লাভ কৰিবলৈও সক্ষম হ'ব বুলিও কয়৷ বিজেপিয়ে অসমৰ প্ৰকৃত উন্নয়ন সাধিব পাৰিব বুলি উল্লেখ কৰি ধেমাজিৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ নিৰ্বাচনত ডাঃ ৰনোজ পেগুক বিপুল ভোটদান কৰি জয়ী কৰাবলৈ ধেমাজিৰ ৰাইজক আহ্বান জনায় তেওঁ আকৌ এবাৰ মোডী চৰকাৰ বুলি ৰেকডিঙৰ গানত নাচিবলৈ ধৰে ৷

আকৌ মন্ত্ৰী গৰাকীয়ে ভাষণত বিজেপি প্ৰাৰ্থী ডাঃ ৰনোজ পেগুয়ে এইবাৰ অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভুমিকাৰে অসমৰ ৰাইজৰ কাম কৰিব লাগিব তাৰ কাৰনে ধেমাজিৰ ৰাইজে ৰনোজ পেগুক অহা ২৭ মাৰ্চত বিপুল ভোটদানত জয়ী কৰাব লাগিব বুলি কয়৷ প্ৰায় দহ সহস্ৰাধিক ৰাইজৰ উপস্থিতিৰ সভাত মন্ত্ৰী শৰ্মাই ভাষনত যি সকল দুখীয়া লোকে ইতিমধ্যে মাইক্ৰফাইনেন্সৰ জৰিয়তে বন্ধন বেংকৰ পৰা যি ঋন লৈছিল সেই ঋন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডাঃ ৰনোজ পেগুৱে ধাৰ মাৰিবলৈ দায়িত্ব লোৱা বুলিও প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে বিজেপিক জয়ী কৰাই নিব পাৰিলে আগুুন্তক দিনত চৰকাৰে ৰাইজক বিনামূলীয়া চাউল , চিকিৎসাৰ ক্ষেত্ৰত সুবিধা , বৃদ্ধ আৰু বিধবা পেঞ্চন ২৫০ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰিব বুলিও কয় ৷ মুঠৰ ওপৰত ধেমাজি খনক অসমৰ ৫ উন্নত জিলাৰ ভিতৰৰ এখনলৈ ৰূপান্তৰিত কৰা আৰু ১১৩ নং ধেমাজি বিধানসভা সমষ্টিটো অসমৰ ৫ টা শ্ৰেষ্ঠতম বিধানসভাৰ সমষ্টিৰ ভিতৰত এটালৈ ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতিৰে ধেমাজিৰ ৰাইজক দ্বিতীয়বাৰৰ বাবে সেয়া কৰাৰ সুযোগ দিবলৈ অহা ২৭ মাৰ্চত বিপুল ভোটদান কৰি জয়ী কৰাৰ আহ্বান জনায়৷ সভাত ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত , তোলন কোঁৱৰ, লক্ষীধৰ শেনচোবা ,জিলা বিজেপিৰ প্ৰভাৰী ইন্দ্ৰ গগৈ, প্ৰাৰ্থী ডাঃ ৰনোজ পেগু উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in