ধেমাজিত ৩৪ জন কোভিড পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ ,ধেমাজিঃ বুধবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা ১২৯৭ গৰাকীৰ কোৰোনাৰ টেষ্ট পৰীক্ষাৰ ভিতৰত ৩৪ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ বুধবাৰে সৈতে জিলাখনত কোভিড পজিটিভৰ শতকৰা হাৰ ২.৬% শতাংশলৈ বৃদ্ধি পালে৷ জিলা স্বাস্থ্য বিভাগে বুধবাৰে এজনক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে ৷ ইফালে বুধবাৰে স্বাস্থ্য বিভাগে ৩২জনক হোমআইছ'লেচনত , ৮ জনক ধেমাজি অসামৰিক চিকিৎসালয়ত নাম ভৰ্তি কৰা লগতে ২ জনক ৰিলিজ দিছে ৷ বৰ্তমানে জিলাখনত ক'ভিডৰ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৩৬ গৰাকী ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in