মঙলবাৰে ধেমাজিত ৪৭ জনৰ কোভিড পজিটিভ চিনাক্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাত মঙলবাৰে একেদিনাই ৪৭ জনৰ কোভিড পজিটিভৰ চিনাক্ত হৈছে৷ ধেমাজি জিলাৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ কৃষ্ণা কেম্পাইয়ে জনোৱা মতে মঙলবাৰে হোৱা ৪৭ জনৰ সৈতে জিলাখনত কোভিড পজিটিভৰ সংখ্যা ৮১৮ জনলৈ বৃদ্ধি পালে ৷

ইতিমধ্যে ৫২২ জনে সুস্থ হোৱা লগতে বৰ্তমানেও ২৯৩ গৰাকী কভিড পজিটিভৰ ৰোগীয়ে চিকিৎসাধীন হৈ আছে৷ অৱশ্যে স্বাস্থ্য বিভাগে এই পৰ্যন্ত আৰ.এ. টি আৰু আৰ.টি.পি. চি .আৰ টেষ্ট পৰীক্ষাত এতিয়ালৈকে ২৬৪৭২ জনৰ লোৱা হৈছে ৷

স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা গৰাকীয়ে জনোৱা মতে ইতিমধ্যে ধেমাজিত যোৱা ৯ আগষ্টত মৃত্যু হোৱা ধেমাজি জিলা পৰিষদ কাৰ্য্যলয়ৰ একান্টাউটেন্ট চফিকুল আলম , অলপতে জন্মগ্ৰহণ কৰা এটি তিনি দিনীয়া শিশু আৰু চিলাপথাৰৰ এছ .সিংঘানীয়া নামৰ লোক জনে ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ সৈতে এতিয়ালৈকে তিনিজনে ধেমাজি জিলাত কোভিড পজিটিভত মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে ৷

ইফালে, ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অহা কাইলৈ ধেমাজি জিলাখনৰ ধেমাজিত এহেজাৰ জন , চিলাপথাৰত এহেজাৰ জন , গোগামুখত ৫০০ জন , আৰু জোনাইত ৫০০ জনৰ সৈতে জিলাখনত মুঠ তিনি হাজাৰ জন লোকৰ স্বাৱ লোৱা ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in