ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন…

ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন…

ডিজিটেল সংবাদ, ধেমাজিঃ অসমত কোৰোনাৰ পৰা শেষ পৰ্যায়লৈকে মুক্ত হৈ থকা ধেমাজি জিলাত দেওবাৰে পুৱা পুনৰ দুগৰাকী লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ অৱস্থিতি। নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱা এই দুজন লোক জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত আছিল। প্ৰাপ্ত খবৰ অনুসৰি, এই লোক দুগৰাকী চিমেনমুখ টেঙা বাৰীৰ আজা ৰেগন আৰু দেৱজিৎ দাৱ৷ চেন্নাইৰ পৰা ঘুৰি আহি ২২ মে'ৰ পৰা তেওঁলোক মূৰ্কংচেলেক মহাবিদ্যালয় কোৱাৰেন্টাইন চেন্টাৰত আছিল|

উল্লেখ্য যে, যোৱা শনিবাৰে ধেমাজিত চাৰি জনকৈ কোভিড-১৯ পজিটিভৰ মাজৰে এজনৰ পত্নীৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰা ঘটনাইয়ে ধেমাজি ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টিৰ কৰিছে ৷ শুকুবাৰে চিনাক্ত হোৱা চাৰি গৰাকী কোভিড-১৯ পজিটিভৰ গোগামুখৰ এক নম্বৰ কচুতলি গাওঁৰ কামেশ মিলি পত্নীৰ মৌচুমী মিলিৰ দেহতো শনিবাৰে কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে৷ধেমাাজিত বৰ্তমান কোৰোনাত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ ১৫

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in