ধেমাজিত ২০২ জন কোভিড পজিটিভ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ ,ধেমাজিঃ সোমবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা ১৪১০ গৰাকী কোৰোনা টেষ্ট পৰীক্ষাৰ ভিতৰত ২০২ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ ইফালে, স্বাস্থ্য বিভাগে সোমবাৰে উন্নত চিকিৎসাৰ বাবে এজনক অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰিছে ৷ স্বাস্থ্য বিভাগে ১৯৭ জনক হোমআইছ'লেচনত , ধেমাজি অসামৰিক চিকিৎসালয়ত ২ জনকে ধৰি মুঠ ৭ জনক চৰকাৰী চিকিৎসালয়ত সোমবাৰে নাম ভৰ্তি কৰিছে ৷ আনফালেদি কেৱল ৯ জনক স্বাস্থ্য বিভাগে ৰিলিজ দিয়ে যদিও জিলাখনৰ জিলাখনৰ সক্ৰিয় কোভিড পজিটিভৰ ৰোগীৰ সংখ্যা হৈছে গৈ ৫৯৭ গৰাকী আৰু শতকৰা হাৰ ১৪.৩% শতাংশ ৷

আনহাতে, কোভিড সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে পুৱাৰে পৰা সন্ধিয়া পৰ্য্যন্ত জিলা প্ৰশাসনৰ দণ্ডাধীশ নন্দিতা ৰয় গোহাঁই আৰু ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ শৰ্মা আৰু টেফিক বিষয়াৰ সৈতে যোৱা এটি আৰক্ষী দলে মাস্ক পৰিধান নকৰা ধেমাজি নগৰ খনৰ ব্যৱসায়ী সকলৰ লগতে গ্ৰাহক আৰু ৰাস্তাৰে অহা যোৱা কৰা লোকসকলৰ ওপৰত অধিক কঠোৰ হোৱা পৰিলক্ষিত হয় ৷ দণ্ডাধীশ আৰু আৰক্ষী দলে সন্ধিয়া বিশাল মেগামাৰ্ট চপিংমলত অভিযান চলায় ৷ যুটীয়া অভিযানত দণ্ডাধীশ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা সকলক এহেজাৰকৈ চৰকাৰী ৰিচিপ্ট দি জৰিমনা বিহে ৷

ভাৰপ্ৰাপ্ত ধেমাজি জিলা জন সংযোগ বিষয়াই জনোৱা মতে, সোমবাৰৰ দিনতে দণ্ডাধীশ তথা সদৰ এছ .ডি. অ' নন্দিতা ৰয় গোহাঁই , ধেমাজি সদৰ আৰক্ষী থানাৰ অ. চি হিতেশ শৰ্মা আৰু টেফিক বিষয়াৰ সৈতে য়োৱা আৰক্ষী দলে ধেমাজি সদৰত ২২০০০ টকা , গোগামুখতো দণ্ডাধীশ দ্বয় নন্দিতা ৰয় গোহাঁই আৰু কুলদ্বীপ পাদুনে ৫০০০ টকা , চিচিবৰগাঁওতো দণ্ডাধীশ নিৰোৎপল পাঠক চিচিবৰগাঁও আৰক্ষীয়ে ৫৫০০ টকা আৰু জোনাইতো দণ্ডাধীশ ৰিতুপল্লৱ বৰুৱৰা সৈতে জোনাই আৰক্ষীয়ে ২৫০০ টকাৰ সৈতে জিলাখনত মুঠ ৩৩০০০ টকা মাস্ক পৰিধান নকৰা বাবদ জৰিমনা সংগ্ৰহ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in