মূল্যবৃদ্ধি ৰোধৰ দাবীৰে ধেমাজি জিলা কংগ্ৰেছৰ ধৰ্ণাঃ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ স্মাৰক পত্ৰ..

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে  ধেমাজি জিলা কংগ্ৰেছৰ ধৰ্ণাঃ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ স্মাৰক পত্ৰ..

ডিজিটেল সংবাদ, ধেমাজিঃ পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি বৃদ্ধি ৰোধ কৰা , অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰা দাবীত ধেমাজি জিলা কংগ্ৰেছৰ প্ৰায় এক শতাধিক কৰ্মীয়ে হাতে হাতে প্লে,কাৰ্ড লৈ সামাজিক দূৰত্ব বজাই ৰাখি সোমবাৰে সাব্যস্ত কৰে প্ৰতিবাদ।

বি জে পি চৰকাৰ হুচিয়াৰ , নৰেন্দ্ৰ মোডী গ' বেক , কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ , অসম চৰকাৰ হুচিয়াৰ ইত্যাদি শ্ল' গান দি সোমবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজাৰলৈকে দুই ঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷

কাৰ্যসূচীৰ অন্তত প্ৰতিবাদস্থলীতে এখনি সভা অনুষ্ঠিত কৰি ধেমাজি জিলা কংগ্ৰেছৰ নিতু সভাপতি বৰগোহাঁই ,অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদকদ্বয় ক্ৰমে বাবুল সোণোৱাল , সুশীল পেগু ,প্ৰদেশ ক্ংগ্ৰেছৰ সদস্য হেম হৰি পেগু , ধেমাজি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰানী গগৈ, ধেমাজি-বৰদলনি ব্লক কংগ্ৰেছৰ সভাপতি দ্বয় ক্ৰমে ৰজনী কাৰ্ডং ,বিনোদ দাস আৰু ধেমাজি ,বৰদলনি ব্লক কংগ্ৰেছৰ সভানেত্ৰী দ্বয় প্ৰজ্বলিতা সোনোৱাল সন্দিকৈ আৰু ৰেখা দেবীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক গৰিহণা প্ৰদান কৰে ৷ শেষত ধেমাজি জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰতিবাদকাৰী সকলে স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in