ধেমাজি বাণিজ্য মহাবিদ্যালয়ত “জুইয়ে পোৰা সোণ” গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত…

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত “জুইয়ে পোৰা সোণ” গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা শিক্ষাবিদ বীৰেন কুমাৰ কোঁৱৰে লিখি উলিওৱা "জুইয়ে পোৰা সোণ" শীৰ্ষক ১১৯ পৃষ্ঠাজোৰা গল্পৰ গ্ৰন্থ খনি মঙলবাৰে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত শুভ উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱাই৷ এই উপলক্ষে বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱ চুতীয়াই সভাপতিত্ব কৰা আৰু বানিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ৰাজুমনি ভূুঞাঁই আতঁ ধৰা গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচক ড° বৰুৱাই লিখক বীৰেন কুমাৰ কোঁৱৰক প্ৰশংসা কৰি তেখেতৰ গ্ৰন্থ খনিয়ে পাঠক সকলৰ মাজত সমাদৰ পাব বুলি আশা প্ৰকাশ কৰে৷

গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক , শিক্ষাবিদ তথা ৰূপ নাথ ব্ৰক্ষ্ম হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কমল বাইলুং , ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই , ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্ট ,ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ প্ৰদীপ বড়া ,সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ সভাপতি সভাপতি উমেশ পাদুন , সম্পাদক দিপাংকৰ শৰ্মাকে ধৰি ধেমাজি ভালে সংখ্যক গণমান্য বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি ভাষন প্ৰদান কৰে৷

সভাৰ অন্তত লিখক বীৰেন কুমাৰ কোঁৱৰে বক্তব্যত তেখেতে সামাজিক পটভূমিৰ ওপৰত বৰ্তমানে হৈ থকা ইটো- সিটো ঘটনাৰ ৰাজিৰ সম্পৰ্কে লিখা হৈছে বুলি অৱগত কৰে৷ মঙলবাৰে এই আপোনালোকৰ উপস্থিতি আৰু দিহা পৰামৰ্শৰ শিৰত লৈ আগুন্তুক দিনত মই কাম কৰাত আৰু অধিক প্ৰেৰনা পাম বুলি উল্লেখ কৰি গ্ৰন্থ উন্মোচনীত সভাত উপস্থিত থকা সকলোলৈকে ধন্যবাদ ও সলাগৰ শৰাই আগবঢ়ায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in