ধেমাজিত মুখ্যমন্ত্ৰীৰ আগত গান গাবলৈ অহা শিক্ষাৰ্থীৰো প্ৰতিবাদ

ধেমাজিত মুখ্যমন্ত্ৰীৰ আগত গান গাবলৈ অহা শিক্ষাৰ্থীৰো প্ৰতিবাদ

ডিজিটেল সংবাদ, ধেমাজিঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ। সোমবাৰেও ধেমাজিলৈ কৃষি সা-সঁজুলি যোজনাৰ আঁচনি শুভাৰম্ভ অনুষ্ঠানলৈ গৈ পুনৰ ক'লা পতাকাৰ সন্মুখীন হ'ল মুখ্যমন্ত্ৰী সোণোৱাল। দিনৰ ১১ বজাত ধেমাজি জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সৌজন্যত মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলিৰ শুভাৰম্ভণি অনুষ্ঠান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব বুলি খবৰ বিয়পি পৰাৰ পাছতেই দেওবাৰৰ সন্ধিয়াৰে পৰা সোমবাৰে দুপৰীয়ালৈকে ধেমাজি জিলা ছাত্ৰ সন্থাৰ ৫ শতাধিক নেতা-কৰ্মীয়ে হাতে হাতে ক'লা পতাকা আৰু ক'লা বেলুন লৈ বাহিৰ কৰে এক বাইক ৰেলী। মুখ্যমন্ত্ৰীৰ উক্ত অনুষ্ঠানস্থলীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, মুখ্যমন্ত্ৰী গ' বেক বিজেপি চৰকাৰ হুছিয়াৰ আদি শ্ল'গানেৰে ধেমাজি নগৰখনৰ আকাশ-বতাহ কঁপাই তোলে।

ইফালে, প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত পৰা পৰিলক্ষিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গাড়ীৰ ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতিও সৃষ্টি হয়। আৰু প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে তাৰ পৰা খেদি পঠিওৱাৰ পাছতহে উক্ত সভাখন আৰম্ভ হয়। আনহাতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ কৰ্মকৰ্তাসকলে কোলাপথাৰ তিনিআলিত পথ অৱৰোধ কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে।

উল্লেখ্য যে, ধেমাজি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীৰ নিৰ্দেশত দুগৰাকীমান শিক্ষয়িত্ৰীৰ নেতৃত্বত প্ৰায় ৩০গৰাকীমান ছাত্ৰীক এখন সভালৈ সমবেত সংগীত গাবলৈ আনিছিল যদিও, ছাত্ৰীসকলে আদবাটতে মুখ্যমন্ত্ৰীৰ সভালৈ নাযাওঁ বুলি প্ৰতিবাদ কৰি ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ লগত ক'লা কাপোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীৰ উক্ত সভাখনত সেৰেঙা ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in