এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ…

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ…

ডিজিটেল সংবাদ, ধেমাজিঃ অসম আৰক্ষী বিভাগৰ এছ. আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ প্ৰতিবাদত দেওবাৰে সন্ধিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি তিনি আলিত মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ পদত্যাগৰ দাবীত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে বিজেপি চৰকাৰৰ গৃহ বিভাগৰ অযোগ্যতা, অৰাজকতা আৰু ব্যৰ্থতাক নগ্ন ভাবে উদঙাই দেখুৱালে বুলি দাবী কৰে ৷

প্ৰতিবাদকাৰী সকলে বি জে পি চৰকাৰৰ মন্ত্ৰী-বিধায়ক সকলে নিৰ্বাচনৰ আগমুহূৰ্তত সাধাৰণ ৰাইজৰ মন আৰ্কষণ কৰিবলৈ চাকৰি প্ৰলোভন দেখুৱাই নিবনুৱা সকলক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, APDCL , APSC প্ৰত্যেকটো বিভাগৰ নিযুক্তিৰ পৰীক্ষাত কেলেংকাৰীৰ সৰব চৰ্চা হৈ থকা পিছত এইবাৰৰ আৰক্ষী বিভাগৰ প্ৰশ্ন কাকত ফাদিলে বিজেপি চৰকাৰখনৰ আচল ৰূপটোক জনগণৰ সন্মুখত প্ৰমান কৰি দেখুৱালে বুলি উল্লেখ কৰে ৷

ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে গৃহ মন্ত্ৰী তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগ দাবী উত্থাপন কৰিছে। প্ৰতিবাদী কাৰ্যসূচীত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সাধাৰণ সম্পাদকদ্বয় ৰুদ্ৰ ভূঞাঁ আৰু মন্টু কাৰদ্দং , হিল্লোৰাজ বুঢ়াগোহাঁই আৰু সাংগঠনিক সম্পাদক অতনু চেতিয়াই উপস্থিত থাকি লকডাউনে বিধ্বস্ত কৰা অসমবাসী আৰু নিবনুৱা সকলৰ ওপৰত এইয়া বিজেপি চৰকাৰৰ প্ৰচণ্ড মাধমাৰ দিয়া বুলি উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in