ধেমাজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত শিশু দিৱস উদযাপন…

ধেমাজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত শিশু দিৱস উদযাপন…

ডিজিটেল সংবাদ , ধেমাজি : ধেমাজি জিলা সমাজ কল্যান বিভাগৰ অন্তৰ্গত ধেমাজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত শনিবাৰে দিনজোৰা কাৰ্য্যসূচীয়ে ধেমাজি নগৰৰ নলনিপাম প্ৰাথমিক বিদ্যালয়ত শিশু দিৱসটি উদযাপন কৰে ৷

পুৱা ৯.৩০ বজাত ধেমাজি জিলা সমাজ কল্যান বিভাগৰ ভাৰ প্ৰাপ্ত বিষয়া বিৰিঞ্চি কুমাৰ বৰাই শিশু দিৱসৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা পিছতেই জৱৰহলাল নেহেৰু প্ৰতিছবিত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পন কাৰ্য্যসূচী সমাপন কৰে শিশু গুঞ্জন গগৈয়ে ৷ পুৱা ১১ বজাত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলৰ সমবেত সংগীতেৰে মুকলি সভা খনি শুভাৰম্ভ কৰা হয় ৷ নলনিপাম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰঘু কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখা কৰে ধেমাজি সংহত শিশু উন্নযন প্ৰকল্পৰ মুখ্যসেৱিকা দীপামনি লাহনে ৷

সভাত অতিথি হিচাপে উপস্থিত থাকি দেশৰ ভবিষ্যত শিশু সকলৰ বাবে পিতৃ- মাতৃ , বিদ্যালয়ৰ শিক্ষা গুৰু সকলৰ উপৰিও আমি সকলোৱে কেনেধৰনে অনু প্ৰৰনা যোগাই শিশু সকলক প্ৰকৃতাৰ্থত মানুহ কৰি তুলিব পাৰো এই বিষয় লৈ বিভিন্ন উদাহৰণে সভাত বক্তব্য প্ৰদান কৰে ক্ৰমে ধেমাজি অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক তথা মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস আৰু ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা তথা ধেমাজি সাহিত্য সভাৰ সভানেত্ৰী বিনীতা গাৰোডিয়াই ৷

ইফালে নিদিষ্ট বক্তাৰ অতিথি ভাষনত ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নুৰ আহমেড লস্কৰে বৰ্তমান সমাজ ব্যৱস্থাত বহু ঠাইত শিশু সকলৰ ক্ষেত্ৰত হোৱা বাল্য বিবাহৰ পিছত ভুক্তভোগী হোৱা সমস্যাসমূহ,শিশু সকলক শিশু শ্ৰমিক হিচাপে কৰা ব্যৱহাৰ , ইত্যাদি ক্ষেত্ৰত শিশু সকলে পোৱা আইনী ব্যৱস্থা সমূহ ও বিতংকৈ বুজাই কয় ৷

বক্তব্যত সচিব গৰাকীয়ে এজন উপযুক্ত শিশু গঢ়ি তোলাৰ ক্ষেত্ৰত ঘৰ খনৰ পিতৃ- মাতৃয়েই মুখ্য ভুমিকা গ্ৰহন কৰিব লাগিব বুলি ও উল্লেখ কৰে ৷ ধেমাজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনবাড়ী কৰ্মী , সহায়িকা আৰু মুখ্যসেৱিকাৰ সকলে উপস্থিত থকা সভাত শিশু সকলৰ মনোৰঞ্জনৰ বাবে শিশু সকলৰ ভংগীমাৰ গীত মাত ও পৰিবেশন কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in