ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু…

ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নিমাতি চুকৰ ৮ নং ৱাৰ্ডৰ নিবাসী তথা ধেমাজি নগৰৰ চাৰি আলিস্হিত ইনডেন্স গ্ৰেছ এজেঞ্চিৰ স্বত্তাধিকাৰ মনোজ চুতীয়াৰ ৫৯ বছৰ বয়সত যোৱা ২ জুলাইত গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত মৃত্যু হয়৷ চলিত বছৰৰ ফেব্ৰুৱাৰী মাহতেই গ'লব্লাডাৰ ৰোগত ভোগা মনোজ চুতীয়াই যোৱা মাৰ্চ মাহৰ পৰা হৈ থকা লকডাউনৰ সমস্যাৰ বাবেই জিলাৰ বাহিৰলৈ চিকিৎসা কৰিবলৈ যাবলৈ পলম হৈ পৰিছিল৷ পিছত যোৱা ২৪ জুনত গুৱাহাটীৰ
নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল যদিও দুৰ্ভাগ্যবশত চিকিৎসাধীন অৱস্হাতেই চুতীয়াৰ মৃত্যু হয়।

গুৱাহাটীৰ পৰা শুকুৰবাৰে তেওঁৰ মৃতদেহ আহি পোৱা পিছতেই বিয়লিলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰে৷ উল্লেখযোগ্য যে, ধেমাজি জিলা নোহোৱা বহু আগৰ পৰাই ১৯৮৫ চনত চুতীয়াই ধেমাজিত ইনডেন্স গ্ৰেছ এজেঞ্চিৰ লৈ সমগ্ৰ জিলাখনতেই গ্ৰেছ এজেঞ্চিৰ ব্যৱসায় চলাই ধেমাজিৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ী হৈছিল৷

অতি সহজ সৰল, শংকৰদেৱ সংঘৰ ধৰ্ম প্ৰাণ চুতীয়া ধেমাজি উৎসৱৰ উদ্যোক্তা হোৱাৰ লগতে ধেমাজি সাধনী ভৱন নিৰ্মাণ সমিতিৰ প্ৰথম গৰাকী সম্পাদক আছিল। চুতীয়াৰ মৃত্যুত ধেমাজিৰ বিভিন্ন দল, সংগঠন, ব্যৱসায়ী সংস্থা আৰু ধেমাজিৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে দুই কন্যা, এটি পু্ত্ৰ, ভায়েক, ককায়েক, বৌয়েক, ভাই বোৱাৰীৰ সৈতে পৰিয়ালৰ আন লোকক এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in