ধেমাজি বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চত মিছনাৰী পুৰুহিত সকলৰ অভিশেষ সেৱা অনুষ্ঠান… VIDEO

ধেমাজি বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চত মিছনাৰী পুৰুহিত সকলৰ অভিশেষ সেৱা অনুষ্ঠান… VIDEO

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ৬ নং ৱাৰ্ডস্হিত কাড়িচুকৰ আনুনগৰত থকা চেইন্ট জেমছ বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে মিছনাৰী পুৰুহিত সকলৰ অভিশেষ সেৱা নামৰ এটি অনুষ্ঠান অনুস্থিত হয়৷ এদিনীয়াকৈ অনুস্থিত কৰা মিছনাৰী ধৰ্মীয় অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি পুৱা ১০ বজাত দিল্লীৰ মিছনাৰী ডাইঅ'চেচৰ বিচপ ড° জন মৰ আইৰেনিয়াছ ইপিকুপাই প্ৰাৰ্থনাৰে কাৰ্যসূচী উদ্ধোধন কৰে৷ ইয়াৰ আগে অতিথি সকলক আদৰণি জনাই ভাষণ দিয়ে ধেমাজি বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চৰ ডাইঅ'চেচ ভিকৰ জেনেৰেল এছ চাৰ্লচে৷

অনুস্থানৰ আৰম্ভণিতে চাৰ্চৰ কাৰ্যালয়ৰ পৰা প্ৰাৰ্থনা গৃহলৈকে ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, কাৰ্বিআংলঙেকে ধৰি অৰুণাচল প্ৰদেশৰ সৈতে ৪৮ গৰাকী মিছনাৰী পুৰুহিতে হাতত বাইবেল, জিচুৰ প্ৰতীক লৈ দীঘলীয়া শাৰি পাতি ৰেলী কৰি প্ৰাৰ্থনা গৃহলৈকে যায়৷

শিলিগুৰি ডাইঅ'চেচৰ বিচপ এনটনীয়াছ মৰ ইপুচিয়াচ ইপিকুপা, গুৱাহাটীৰ ডাইঅ'চেচৰ বিচপ জেৰিমিৰা মৰ থাওদিয়াছ ইপিকুপা, অৰুণাচল প্ৰদেশৰ ইটানগৰৰ মিচন ডাইঅ'চেচৰ ৰিবাৰেল ফৰ্দাৰ তাচি তামুদ আৰু তিনিচুকীয়া জিলাৰ ডাইঅ'চেচৰ ভিকৰ জেনেৰেল ৰিবাৰেল ফৰ্দাৰ নিনথাৰ কুটেৰ উপস্থিত চাৰ্চৰ নীতিৰে অভিশেষ সেৱা কৰাই প্ৰাৰ্থনা কৰি সকলোকে ধন্যবাদ জনায় বিচপ ড° জন মৰ আইৰেনিয়াছ ইপিকুপাই৷ অনুস্থানত অসম অৰুণাচলৰ বিভিন্ন জিলাৰ ৫ শতাধিক মিছনাৰী ধৰ্ম গ্ৰহণকাৰী লোকে উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in