ধেমাজিত ছাত্র সন্থাই ৰাইজৰ সহযোগত নিৰ্মাণ কৰিলে ৪০ ফুট দৈৰ্ঘ্যৰ বাহৰ দলং…

ধেমাজিত ছাত্র সন্থাই ৰাইজৰ সহযোগত নিৰ্মাণ কৰিলে ৪০ ফুট দৈৰ্ঘ্যৰ বাহৰ দলং…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ পৰা মাত্র ৭ কি.মি. আতঁৰত অৱস্থিত মৰিঢল ২ নং জামুগুৰি গাওঁ, যিখন গাঁৱত দেশৰ স্বাধীনতাৰ ৭২ বছৰৰ পাছতো নহ'ল কোনো পৰিৱৰ্তন । অসমতো প্ৰতি ৫ বছৰৰ মূৰে মূৰে বিভিন্ন দলৰ চৰকাৰ আহিল আৰু গ'ল, কিন্তু গাওঁবাসীয়ে নিৰ্বাচনৰ সময়ত বৰ বৰ আস্বাস পোৱা বাদে নিৰ্বাচনৰ পাছত কোনো মন্ত্রী-সাংসদ-বিধায়ক তথা স্থানীয় জনপ্ৰতিনিধিৰ পৰাও নাপালে কোনো চৰকাৰী আচঁনিৰ সুবিধা ।

গাওঁখনৰ মাজেৰে যোৱা মৰিঢল নৈৰ ওপৰত আজিলৈকে নিৰ্মাণ নহ'ল কোনো দলং অথবা কালভাৰ্ট, গাওঁখনৰ মূল পথটো পকীকৰণ কৰাৰ দূৰৰ কথা আজিলৈকে শিল বালি এটাও নপৰিল । এতিয়াও গাওঁবাসীয়ে বোকা পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হোৱা লগতে এডাল বাহঁৰ সাঁকোৰ ওপৰতে নিৰ্ভৰ কৰি নৈখন পাৰ হ'ব লগা হৈছিল ।

বাহঁৰ সাকোডালৰ ওপৰতে নিৰ্ভৰ কৰি যাতায়ত অব্যাহত ৰাখিছিল ২ নং জামুগুৰিৰ লগতে চেনিমাই, লালুং, কলপনাপুৰ আদি গাওঁ। অতি পৰিতাপৰ কথা নৈখনৰ কাষতে অৱস্থিত নামঘৰটোতে প্ৰত্যেকটো নিৰ্বাচনৰ আগতে আহি সকলোৱে এই সমস্যা সমাধানৰ প্ৰতিশ্ৰতি দি যায়, ধেমাজিৰ বৰ্তমানৰ বিধায়ক ডা° ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাই নিৰ্বাচনৰ আগত সেই স্থানতে আহি মৰিঢল নৈৰ ওপৰত এখন দলং অথবা কালভাৰ্ট নিৰ্মাণৰ প্ৰতিশ্ৰতি দি গৈছিল কিন্তু বৰ্তমান সকলো ফুটুকাৰ ফেন হ'ল ।

সহজ সৰল গাওঁবাসীৰ দুৰৱস্থা বুজিব নোৱাৰা ধুৰন্ধৰ ৰাজনীতিক সকলে কেৱল নিজৰ ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিলে গাওঁবাসীক । বহু আহ্বান, অনুনয় বিননয় কৰিও গাওঁবাসীয়ে নাপালে বিধায়কৰ পৰা কোনা সহাঁৰি । শেষত উপায়ন্তৰ হৈ গাওঁবাসীয়ে সদৌ অসম ছাত্র সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীক গাওঁখনৰ দুৰৱস্থা কথা অৱগত কৰাৰ লগে লগে সদৌ ধেমাজি জিলা ছাত্র সন্থাই সেই গাওঁ পৰিদৰ্শন কৰি ধেমাজি আৰু মৰিঢল আঞ্চলিক ছাত্র সন্থাৰ টকৰ্মীসকলৰ শ্ৰমদান আৰু গাঁৱৰ বিকাশ, বিৰাজ, নুমল, পলাশ, বিজিত, মুন, সঞ্জয়, জিতুল তথা গাওঁৰ পুৰুষ মহিলা সকলোৰে সহযোগত ৪০ ফুট দৈঘ্যৰ এখন বাহঁৰ দলংখন নিৰ্মাণ কৰি উলিয়ালে।

শ্ৰমদান কাৰ্যসূচীত উপস্থিত থাকি সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা, সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে ধেমাজি সমষ্টিৰ মিছলীয়া, ধুৰন্ধৰ বিধায়ক ৰণোজ পেগুক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে তেওঁৰ দুমুখীয়া নীতি পৰিত্যাগ কৰিবলৈ সকীয়াই দিয়াৰ লগতে জিলাখনৰ কোনো এটা সমস্যাক বিধানসভাত বলিষ্ঠভাৱে উপস্থাপন কৰি সমাধানৰ চেষ্টা কৰিব নোৱাৰা এইসকল বিধায়কক ৰাজনীতি ত্যাগ কৰিবলৈ আহ্বান জনায়। লগতে ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত বৰগোহাঁই আৰু সাধাৰণ সম্পাদক কৰুণজ্যোতি চেতিযাই কয় অতি সোনকালে যদি অসম চৰকাৰ আৰু গড়কাপ্তানি বিভাগে যদি মৰিঢল নৈৰ ওপৰত এখন দলং বা কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেন্তে ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in