অসম জাতীয় পৰিষদৰ ধেমাজি নগৰ আহ্বায়ক সমিতি গঠনৰ সভা…

অসম জাতীয় পৰিষদৰ ধেমাজি নগৰ আহ্বায়ক সমিতি গঠনৰ সভা…

ডিজিটেল সংবাদ, ধেমাজিঃ অসম জাতীয় পৰিষদৰ ধেমাজি নগৰ আহ্বায়ক সমিতি গঠনৰ সম্পৰ্কে শনিবাৰে বিয়লি ধেমাজি ৰাজহুৱা প্ৰেক্ষা গৃহত আজি এখনি সভা অনুষ্ঠিত হয় ৷ অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ মুখ্য আহবায়ক ভবিষ্যত দিহিঙীয়াই পৰিচালনা কৰা সভা খনিৰ আতঁ ধৰে জিলাৰ জাতীয় পৰিষদৰ আহ্বায়ক মোলোক দাসে ৷

ধেমাজি অঞ্চলৰ প্ৰায় আঠ শতাধিক ৰাইজে উপস্থিত থকা সভাখনত কংগ্ৰেছ,বিজেপি আৰু অগপৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মীকে ধৰি জিলা, মহকুমাৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়া ববীয়া ক্ৰমে প্ৰশান্ত শালৈ ,হোমেন শইকীয়া ,ইন্দ্ৰজিৎ গগৈ,ৰশ্মিৰঞ্জন দাস,কল্পজ্যোতি লাহন আৰু নিৰোদ দিহিঙীয়া লগতে সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন আঞ্চলিকৰ বিষয়-ববীয়া প্ৰদীপ সোনোৱাল উপৰিও বিভিন্ন দল সংগঠনৰ সৈতে প্ৰায় পাছঁ শতাধিক কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে ৷

সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদত যোগদান কৰা কৰ্মী সকলে আগুন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ধেমাজিত এক লাখতকৈও অধিক ভোটৰ লক্ষ্যৰে জয়ী হৈ ইতিহাস গঢ়াৰ সংকল্প লৈ এক মিচনৰে আগবাঢ়ি আহিছে বুলি অংগীকাৰ কৰে ৷ সভাত অসম জাতীয় পৰিষদৰ আহবায়ক দ্বয় চিত্তৰঞ্জন বসুমতাৰী , শিৱৰাম মৰাং , ধেমাজি জিলাৰ মুখ্য আহবায়ক দেবেন দত্ত , আহবায়ক ৰত্নেশ্বৰ সোনোৱাল ধৰি বহুকেই গৰাকীও জিলাৰ আহবায়ক মণ্ডলীয়ে উপস্থিত থাকি দলটোৰ নিয়ম নীতি ধৰি সাংগঠনিক দিশত বক্তব্য প্ৰদান কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in