ধেমাজি মহিন্দ্ৰা ফাইনেন্স প্ৰাইভেট কোম্পানীত কৰ্মৰত যুৱক বিজিত গগৈ দুৰ্ঘটনাত মৃত্যু, গা এৰা দিছে স্বতাধিকাৰীয়ে…

ধেমাজি মহিন্দ্ৰা ফাইনেন্স প্ৰাইভেট কোম্পানীত কৰ্মৰত যুৱক বিজিত গগৈ দুৰ্ঘটনাত মৃত্যু, গা এৰা দিছে স্বতাধিকাৰীয়ে…

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি চাৰিআলিস্হ মহিন্দ্ৰা ফাইনেন্স পাইভেট কোম্পানীত কৰ্মত বিজিত গগৈ(৩২)নামৰ এজন কৰ্মচাৰীয়ে দূৰ্ঘটনা হৈ পোন্ধৰ দিন পৰ্যন্ত চিকিৎসাধীন হৈ শেষত মৃত্যু হোৱা পিছতো কৰ্মৰত মহিন্দ্ৰা ফাইনেন্স কোম্পানীটোৱে কোনো গুৰুত্ব নিদিয়াত ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

ঘটনাৰ তথ্য অনুসৰি যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তী দিনা ধেমাজি মহিন্দ্ৰা ফাইনেন্সৰ কোম্পানীটোৰ বিজিত গগৈ য়ে কাৰ্য্যালয়ৰ উদ্ধতম কৰ্মচাৰী নিৰ্দেশ মৰ্মে মটৰ চাইকেলেৰে ধেমাজিৰ পৰা চিমেনচাপৰিলৈ গৈছিল ৷ কাৰ্য্যালয়ৰ কাম সমাপ্ত কৰি বিজিতে ঘৰলৈ ঘূৰি আহোতে বিয়লি ৫ মান বজাত চিলাপথাৰ নোপোৱা আগতেই জলকীয়া সূতি ৰাষ্ট্ৰীয় ঘাইপথতে এখন আই – ২০ গাড়ীয়ে হঠাৎতে খুন্দিয়াৰ ফলত বিজিতে বাগৰি পৰি গুৰুতৰ ভাবে আহত হোৱা ফলত ততাতৈয়াকৈ স্হানীয় ৰাইজে বিজিতক চিলাপথাৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰে যদি ও গুৰুতৰ আঘাট হোৱা ভাবে চিকিৎসালয়ে একেদিনাই ডিব্ৰুগড়লৈ প্ৰেৰন কৰে ৷

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়তো আই চি ইউ সুবিধা নোপোৱাৰ বাবে ব্যক্তিগত নাৰ্চিং হোম শংকৰদেৱ নাৰ্চিং হোমতেই জৰুৰীকালীন ভাবে চিকিৎসা ব্যৱস্থা কৰি ঘটনা দিনাৰ পৰা ১৬ অক্টোবৰ পৰ্যন্ত মৃত্যু সৈতে যুঁজ দি চিকিৎসাৰ অন্তৰত যোৱা কালিয়েই ৰাতি ১০ .৩০ বজাত মৃত্যুক আকোঁৱালি লব লগা হয় ৷

তাৎপৰ্য পূৰ্ণ ভাবে মহিন্দ্ৰা ফাইনেন্স কোম্পানীৰ কোনো উৰ্দ্ধতম কৰ্মচাৰীয়ে কোনো খা-খৱৰ টো নাৰাখিলে , বিজিতৰ চিকিৎসাৰ বাবে ও কোনো খা – খৰছৰ ব্যৱস্থা নকৰিলে ফলত লখিমপুৰৰ জিলাৰ ঢকুৱাখনাৰ কচুৱনি গাওৰ দৰিদ্ৰ পৰিয়ালৰ বিজিতক চিকিৎসা কৰা বাবদ পৰিয়ালে ঘৰৰ মাটি বাৰী বিক্ৰী কৰি ছয় লক্ষাধিক টকাৰ চিকিৎসালয়ত দি সৰ্বস্বান্ত হোৱা পিছতো বিজিতক প্ৰান ৰক্ষা কৰিব নোৱাৰিলে ৷

শনিবাৰে বিয়লি ৫ মান বজাত চাৰিআলিস্হ মহিন্দ্ৰা ফাইনেন্সৰ কাৰ্য্যালয়ৰ সন্মুখলৈ পৰিয়ালে বিজিতৰ মৃত্যুদেহ লৈ আহে ৷ মৃত্যুদেহ কাৰ্য্যালয় গৈ পোৱা লগে লগেই ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীসকলে প্ৰতিবাদ জনাই বিজিতক চিকিৎসালয়ত ১৫ দিন চিকিৎসাধীন হৈ থকা পিছতো মহিন্দ্ৰা ফাইনন্স কোম্পানীয়ে কোনো খা – খৱৰ নোলোৱা , কৰ্মৰত যুৱকজনক আজি পৰ্যন্ত খা-খৰছ নিদিয়া আৰু মৃত্যুকৰ পৰিয়ালটিক উপযুক্ত ক্ষয়তিপূৰন অতি শীঘ্ৰে দিয়া দাবীত প্ৰতিবাদ কৰি মহিন্দ্ৰা ফাইনেন্স কোম্পানীৰ কাৰ্য্যালয়টো তলা লগাই দিয়ে ৷

ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক পংকজ বৰগোহাঁই য়ে অনা অসমীয়া মহিন্দ্ৰা ফাইন্সৰ কোম্পানীৰ স্বত্বাধিকাৰীয়ে মানুহৰ প্ৰতি কৰা এনে ব্যৱহাৰক লৈ ক্ষোভিত হৈ পৰিছে ৷ তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া গৰাকীয়ে মহিন্দ্ৰা ফাইনেন্সৰ উৰ্ধতম কৰ্মচাৰী এনে ময়মতালি কেতিয়াও ৰ্সৈয্য কৰা ন'হব বুলি সকীয়াই দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in