ধেমাজিত আছুৰে দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি…

ধেমাজিত আছুৰে দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি…

ডিজিটেল সংবাদ,ধেমাজি : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ধেমাজি আঞ্চলিক ছাত্র সন্থাই অসম চৰকাৰৰ গৃহবিভাগে অনুষ্ঠিত কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হৈ পৰীক্ষা বাতিল কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা সন্দৰ্ভত উচ্ছ পৰ্যায়ৰ তদন্তৰ দাবীত বৃহস্পতিবাৰে পুৱা ১০ বজাত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি শ্বহীদ উদ্যানৰ সন্মুখত দাহ কৰা হয় ।

কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক মন্টুৰাজ বৰুৱা , ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা ৰন্টু গগৈ , সভাপতি জয়ন্ত বৰগোঁহাই , সাধাৰণ সম্পাদক কৰুণ জ্যোতি চেতিয়া ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in