ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ…

ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি ৰাজহচক্ৰৰ অধীনৰ বানাক্ৰান্ত অঞ্চল ভজু গাৱঁত শুকুবাৰে ধেমাজি জিলা সমিতিৰ আম আদমী পাৰ্টী দলৰ কৰ্মী সকলৰ উদ্যোগত অঞ্চলটোৰ ভজু গাওঁ,পাভমাৰী,ৰংপুৰীয়া চুক আৰু শালমাৰীকে ধৰি চাৰি খন গাৱঁৰ প্ৰায় দুই শতাধিক ৰাইজৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

প্ৰতিবছৰে জীয়াঢলৰ বানত ভোগা লোকসকলৰ প্ৰতি শাসনাধিষ্ঠিত চৰকাৰ খনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ আম আদমী পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ৷ শুকুৰবাৰৰ সাহাৰ্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে আম আদমী পাৰ্টীৰ ছাত্ৰ সংগঠন চি ৱাই এছ এছৰ সভাপতি ৰবি ৰাজখোৱা আৰু সম্পাদক দেৱজিৎ সোনোৱালৰ লগতে ভালেকেইজন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in