বুধবাৰে ধেমাজিত পঞ্চমজন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ইতিমধ্যে তদাৰক হোৱা ৬টা কোৱাৰেন্টাইন চেন্টাৰৰ ভিতৰত বৰ্হিৰাজ্যৰ পৰা অহা ধেমাজি জিলাৰ চাৰিজন লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা পিছতেই বুধবাৰে আকৌ এজনৰ দেহত ধৰা পৰিছে৷ ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালক ৰণিধৰ কাকতিয়ে জানিবলৈ দিয়া মতে- যোৱা ২৪ মে'তেই হাৰিয়ানা পৰা ডিব্ৰুগড় আহি পোৱা ধেমাজি জিলাৰ চিলাপথাৰ অকাজানৰ কপিল দাস(২৭) দেহতো বুধবাৰে কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে৷

জোনাই, চিমেনচাপৰি, চিলাপথাৰ, ধেমাজি জিলা সদৰত তিনিটা কোৱাৰেন্টাইন চেন্টাৰৰ সৈতে ধেমাজি জিলাখনত ছয়টা আছে৷ বুধবাৰে বিয়লি ৫ বজাৰলৈকে সৰ্ব্ব মুঠ ছয়টা কোৱাৰেন্টাইন চেন্টাৰত ১০১৪ জন থকা লগতে বিয়লি ৫ বজাত ৪১৭জনক হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰে ৷ যুটীয়া সঞ্চালক গৰাকীয়ে জনোৱা মতে আৰম্ভনিৰে পৰা এতিয়ালৈকে ধেমাজিত সৰ্ব্ব মুঠ ১৭৮৬ গৰাকীক স্বাৱ পৰীক্ষা বাবে প্ৰেৰণ কৰা ভিতৰত ১৪২৮ গৰাকীৰ পৰীক্ষাৰ ৰিপৰ্ট পোৱা লগতে আজি তাৰিখলৈকে পাঁচ জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে৷ ধেমাজিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত কভিড-১৯ পজিটিভ ধৰা পৰা কপিল দাসৰ কোৱাৰেন্টাইন চেন্টাৰটোত ১৮৯ বৰ্হিৰাজ্যৰ পৰা ধেমাজি জিলাখনৰ লোক আছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in