গোলাঘাটৰ ৩ কিশোৰক আটক চিচিবৰগাওঁ আৰক্ষীৰ, চিলাপথাৰলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ…

গোলাঘাটৰ ৩ কিশোৰক আটক চিচিবৰগাওঁ আৰক্ষীৰ, চিলাপথাৰলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ…

ডিজিটেল সংবাদ ,ধেমাজিঃ সন্ত্ৰাসৰূপী ক'ৰনা ভাইৰাছ লৈ চৰকাৰে দিয়া তলা বন্ধ কাৰ্য্যসূচী চলি থকা সময়তে গোলাঘাট জিলাৰ তিনিটি কিশোৰে ধেমাজি চিচিবৰগাওঁত আৰক্ষীয়ে উদ্ধাৰ কৰা খবৰে অঞ্চলত ক'ৰনা আতংকৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

তথ্য মতে যোৱা বুধবাৰে সন্ধিয়া ৫ মান বজাত চিচিবৰগাঁও চাৰি আলিত চিচিবৰগাওঁ আৰক্ষীয়ে আহি থকা অৱস্হাতে তিনিটি কিশোৰক উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে তিনি কিশোৰকেই আৰক্ষী থানালৈ নি সুধাপোচা কৰি গোলাঘাট জিলাৰ ফৰকাটিং গাওঁৰ টিপুৰ আলি পুত্ৰ, দ্বিতীয়জন গোলাঘাটৰ ২নম্বৰ গ্ৰেইটৰ আলি হুচেইন তৃতীয়জন গোলাঘাটৰ মাৰংগী বাগানৰ সুৰেশ নায়কৰ পুত্ৰ তথ্য লাভ কৰে ৷

অপৰিস্কাৰ আৰু ফটা চিৰা কাপোৰ পৰিধান কৰি থকা তিনিটি কিশোৰকেই চিচিবৰগাঁও আৰক্ষী বিষয়াই গাধুৱাই পৰিস্কাৰ কৰি নতুন কাপোৰ পৰিধান কৰায় ৷ ইতিমধ্যে চিচিবৰগাওঁ আৰক্ষীয়ে জিলাৰ উদ্ধতম আৰক্ষী বিষয়া ,প্ৰশাসনৰ সৈতে যোগাযোগ কৰা পিছত বৃহস্পতিবাৰে বিয়লি ধেমাজি জিলা শিশু কল্যান সমিতিৰ অধক্ষ্যা লাৱণ্য চুতীয়া লাহনৰ সহযোগিতাৰে ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নুৰ আলম লস্কৰ ,চিচবৰগাওঁ আৰক্ষীয় চিলাপথাৰ আৰ্দশ চিকিৎসালয়ত ইতিমধ্যে পৰীক্ষা কৰাই ১৪দিন আইচোলোচন ৱাডত ৰখা ব্যৱস্থা গ্ৰহন কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in