কোৰোনা ভাইৰাছৰে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিলৈ ঢেকীয়াখোৱা বৰনামঘৰৰ ১ লাখ টকা প্ৰদান…

কোৰোনা ভাইৰাছৰে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিলৈ ঢেকীয়াখোৱা বৰনামঘৰৰ ১ লাখ টকা প্ৰদান…

ডিজিটেল সংবাদ, টীয়কঃ কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিলৈ বিভিন্নজনে আৰ্থিক সাহায্য আগবঢ়াইছে। এই মহামাৰীৰ পৰা যাতে ৰাজ্যখন ৰক্ষা পৰে তাৰ বাবে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিছে। যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে ধন আগবঢ়াইছে ৰাজ্য চৰকাৰলৈ। এই ধনৰাশিৰ দ্বাৰা চৰকাৰে কোৰোনাৰ সৈতে যুঁজিবলৈ কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছে। কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি বিশ্বাস কৰা হয়। এই কথাতে বিশ্বাস কৰি অসম চৰকাৰক সহায়ৰ হাত আগবঢ়াইছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে।

টীয়কৰ লাহদৈগড়স্থিত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে আগবঢ়াইছে ১ লাখ টকা। কোৰোনাৰে যাতে যুঁজিবলৈ চৰকাৰৰ সহায় হয় সেই কথাত গুৰুত্ব দিয়ে অসম চৰকাৰৰ কোৰোনা ভাইৰাছৰ সাহাৰ্য পুঁজিলৈ ১ লাখ টকা আগবঢ়াইছে। যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি এই অনুদান আগবঢ়োৱা হৈছে। পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই জানিবলৈ দিছে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in