ঢেকিয়াজুলিৰ কোভিডমুক্ত যুৱক মনোজ বৰাৰ প্লাজমা দান, স্বাস্থ্যমন্ত্ৰী আৰু ৰাইজৰ প্ৰশংসা….

ঢেকিয়াজুলিৰ কোভিডমুক্ত যুৱক মনোজ বৰাৰ প্লাজমা দান, স্বাস্থ্যমন্ত্ৰী আৰু ৰাইজৰ প্ৰশংসা….

ডিজিটেল সংবাদ তেজপুৰঃ কোৰোনা ভাইৰাছৰ সংক্ৰমনে ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে শোণিতপুৰ জিলাতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । শোণিতপুৰ জিলাত কভিডত হোৱা  আক্ৰান্তৰ ৰোগীৰ সংখ্যা ক্ৰমাৎ হাজাৰৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে জিলাখনত কভিডত আক্ৰান্ত লোকক প্লাজমা দান কৰি ২ জন লোকৰ জীৱন বচোৱাৰ সংকল্প লৈ সাহসেৰে আগবাঢ়ি আহিছে শোণিতপুৰ জিলাৰ এজন যুৱক ।

কভিডৰ পৰা সম্পুৰ্নৰূপে সুস্থ হৈ উঠাৰ পাছতে শোণিতপুৰ জিলাৰ   ঢেকিয়াজুলি অঞ্চলৰ মনোজ বৰা নামৰ এজন যুৱক জনে কভিডত আক্ৰান্ত হোৱা লোকৰ চিকিৎসাৰ কাৰণে প্লাজমা দান কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰে । উল্লেখ্য যে শোণিতপুৰ জিলা ঢেকিয়াজুলি অঞ্চলৰ মনোজ বৰা নামৰ এজন যুৱকে আজি কভিডত আক্ৰান্ত লোকৰ চিকিৎসাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰে ।

জানিব পৰা মতে কভিড ২০১৯ ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা মনোজ বৰাই হৈছে প্লাজমা দান কৰা   শোণিতপুৰৰ প্ৰথম গৰাকী যুৱক । স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰাৰ পিছতে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ঢেকিয়াজুলীৰ মনোজ বৰাক এই প্ৰশংসনীয় পদক্ষেপৰ বাবে শুভেচ্ছা জনাই । আনহাতে শোণিতপুৰ জিলা বিভিন্ন প্ৰান্তৰৰ ৯০৮ লোক  কভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫১১ গৰাকী লোকে কভিডৰ পৰা আৰোগ্য লাভ কৰে ।

ইয়াৰ বিপৰীতে যোৱা ১০  জুন তাৰিখে কৰ্কট ৰোগত আক্ৰান্ত তেজপুৰৰ কমল কৃষ্ণ পাল নামৰ ৬৭ বছৰীয়া এগৰাকী লোক কভিডত আক্ৰান্তহৈ মৃত্যু হয়। ইফালে জিলাখনৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু তেজপুৰ পৰোৱা এম চি এইছত কভিডত আক্ৰান্ত সকলক চিকিৎসা কৰাৰ লগতে জামুগুৰিহাটৰ কুসুমটোলা ,চিৰাজুলিৰ  মডেল হস্পিতালত স্হাপন কৰা কভিড কেয়াৰ চেন্টাৰৰ উপৰিও জিলাখনৰ ডেকাৰ গাঁৱত স্হাপিত মডেল হস্পিতালো কালি সন্ধিয়াৰ পৰা  কভিড কেয়াৰ চেন্টাৰ  হিচাপে আৰম্ভ কৰা হৈছে ।

এই কভিড কেয়াৰ চেন্টাৰত এশ গৰাকী কভিড পজিটিভ ৰোগীৰ বাবে চিকিৎসা উপলব্ধ হ'ব। ইফালে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী ডাঃ জয়দীপ দত্তই কভিডৰ পৰা আৰোগ্য লাভ কৰা শোণিতপুৰৰ আৰু ১১ গৰাকীক প্লাজমা দানৰ কাৰণে প্ৰয়োজনীয় কাউন্সিলিং কৰি সাজু কৰা বুলি জিলা স্বাস্থ্য বিভাগৰ গণ মাধ্যম বিষয়া আঞ্জূশ্ৰী ফুকনে জানিবলৈ দিছে।

ইয়াৰোপৰি  শোণিতপুৰত কভিডৰ গণ সংক্ৰমন ৰোধৰ কাৰণে জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ সুশৃংখলিত পৰিকল্পনা পৰিচালনাৰ লগতে  স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত সত্যজিত চেতিয়া আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জিয়াউদ্দিন আহমেদৰ  পৰিচালনাত ১৬ জুলাইৰ পৰা আৰম্ভ কৰা ৰেপিড এন্টিজেন টেষ্ট ৫১২৪ ৰ শৰীৰত পৰীক্ষা কৰাৰ পিছত ৩৬০ গৰাকী কভিড পজিটিভ বুলি চিনাক্ত হৈছে। একেদৰে ৰেপিড এন্টিজেন টেষ্টত নিগেটিভ হোৱা ৪৭৭১ গৰাকী লোকৰ  ভিতৰত এই পৰ্য্যন্ত সম্পূৰ্ণ হোৱা ৪০৯৮ গৰাকীৰ স্বোৱাব টেষ্টত ২৩ গৰাকী লোক কভিডত আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in