ঢেকিয়াজুলিৰ ৰবৰটলাত ট্ৰাক-টাটা ছুম’ৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত শিশু-মহিলাসহ চাৰিজন…

ঢেকিয়াজুলিৰ ৰবৰটলাত ট্ৰাক-টাটা ছুম’ৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত শিশু-মহিলাসহ চাৰিজন…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ঢেকিয়াজুলিৰ ৰবৰটলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।ট্ৰাক আৰু টাটা ছুম'ৰ মুখামূখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । ঘটনাত থিতাতে নিহত শিশু মহিলা সহ চাৰিজন যাত্ৰী।

অন্যহাতে এই দুৰ্ঘটনাত আহত হয় ৮ জন। আহত কেইজনক তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে| নিহত লোককেইজন হৈছে আব্দুল আজিজ খান,বাবুল আলী,খুজেদা বিবি,আৰিফুল হক|

দুৰ্ঘটনা পতিত আটাইকেইজন যাত্ৰী ধুবুৰীৰ বুলি জানিব পৰা গৈছে |ধুবুৰীৰ পৰা যোৰহাট অভিমুখে যাত্ৰা কৰিছিল দুৰ্ঘটনাত পতিত টাটা চুমুখনে ৷দূৰ্ঘটনাগ্ৰস্ত টাটা চুমুখনৰ নম্বৰ হল এএচ ১৭ ডি-৭৫৮৩ আৰু ট্ৰাক খনৰ নম্বৰ হল এনএল০১কে-১৮২৩৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in