দুখবৰ : ভোগালীৰ বতৰত গোনা ম’হক গুলীয়াই হত্যা…

দুখবৰ : ভোগালীৰ বতৰত গোনা ম’হক গুলীয়াই হত্যা…

ডিজিটেল সংবাদ নগাঁও : ভোগালীৰ বতৰত দুখবৰ ৷ গুলীয়াই হত্যা কৰিব লগা হ'ল এটা গোনা ম'হক ৷ ধৰমতুল আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ কামগাঁৱত সংঘটিত হৈছে এই শোঁকাবহ ঘটনা ৷ বৃহস্পতি বাৰে গোনা ম'হটো কামগাঁৱৰ পৰা কিছু নিলগত সমাধিস্থ কৰা হৈছে ৷

বুধবাৰে পুৱা ভাগৰ পৰা গোনা ম'হটোয়ে আতংকৰ সৃষ্টি কৰিছিল ৷ পুৱা প্ৰায় ৫ বজাৰ পৰা কামগাঁৱত হাহাকাৰ লগাইছিল ম'হটোয়ে ৷ ম'হৰ আক্ৰমনত আহত হৈছিল তিনিজনকৈ লোক ৷ কামগাঁৱত আতংক চলাই পিছত ম'হটোয়ে ঐৰাবত বিল পাৰত অৱস্থান গ্ৰহণ কৰিছিল ৷ ম'হটোৰ আক্ৰমনত আহত এজনৰ অবস্থা সংকটজনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰিব লগা হৈছে ৷

আতংক সৃষ্টি কৰা ম'হটোক খেদিবলৈ ধৰমতুল বন বিভাগে পুৱাৰে পৰা চলোৱা প্ৰচেষ্টা ব্যৰ্থ হোৱাত সন্ধ্যা ভাগত গুলীচালনা কৰি হত্যা কৰিবলৈ বাধ্য হয় ৷ এই অভিযানটোত বন বিভাগে মুঠ ১৮ জাই গুলী চালনা কৰিছিল বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in