ধনশিৰিৰ টেঙানীত নাও দুৰ্ঘটনাঃ এজন সন্ধানহীন, অব্যাহত এছডিআৰএফৰ উদ্ধাৰ অভিযান, VIDEO

ধনশিৰিৰ টেঙানীত নাও দুৰ্ঘটনাঃ এজন সন্ধানহীন, অব্যাহত এছডিআৰএফৰ উদ্ধাৰ অভিযান, VIDEO

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰৰ টেঙানী অঞ্চলত সোমবাৰে পুৱাৰ ভাগত সংঘটিত এক নাও দুৰ্ঘটনাত এজন লোক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৯-৩০ বজাত ১ নং টেঙানীৰ বাসিন্দা বিতুল গগৈ (২৯)য়ে পত্নী জানমণি গগৈ (২৯)ৰ সৈতে নাৱেৰে ধনশিৰি নদী পাৰ হৈ শাক-পাচলি সংগ্ৰহৰ বাবে যাওঁতে নাও দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰথম অৱস্থাত পত্নী জানমণি পানীত পৰি যায় আৰু তেওঁক উদ্ধাৰ কৰিবলৈ গৈ বিতুল নদীখনত নোহোৱা হয়। অৱশ্যে মহিলাগৰাকী দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে। দুৰ্ঘটনাটোৰ খবৰ তাৎক্ষণিকভাৱে স্থানীয় লোকে বৰপথাৰ আৰক্ষীক অৱগত কৰায়।

ঘটনাস্হলীত আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ লোক উপস্থিত হৈ সন্ধানহীন লোকজনক বিচাৰি নদীখনত অভিযান চলাই যদিও বাতৰি লিখা পৰলৈকে লোকজনৰ কোনো সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in