ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন…

ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ  নগাৰ আগ্ৰাসন…

ডিজিটেল সংবাদ, সৰুপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নগালেণ্ড সীমান্ত অব্যাহত আছে অসমৰ ভুমিত নগাৰ আগ্ৰাসন ৷ চি আৰ পি এফ বাহিনীৰ চকুৰ সন্মূখতে অসমৰ মাটি বেদখল কৰি নগাই স্থাপন কৰিছে নগা গাঁৱৰ ফলক ৷

সৰুপথাৰৰ বি চেক্টৰৰ চুঙাজান নখুটিৰ ১৫৫ নং চি আৰ পি এফ বেটেলিয়ান কেম্পৰ সমীপতে নগাসকলে অসমৰ মাটিত পুনৰ কূটনীতিৰে নগাসকলৰ গাওঁ স্থাপন কৰিবলৈ ন ন কৌশল অৱলম্বন কৰি আহিছে৷ প্ৰায় ৩০ বছৰ আগৰে পৰা থকা অসমীয়া গাওঁত কিছু দিন পুৰ্বেও নগাৰ গাওঁৰ ফলক লগোৱাত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোক তথা দল সংগঠনে ৷

কিন্তু নগাৰ এই অবৈধ কাৰ্য্যত বাধা প্ৰদান কৰিছে নিৰপেক্ষ বাহিনী হিচাপে বিবদমান সীমান্তৱৰ্তী এলেকাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত চি আৰ পি এফ তথা চুঙাজান আৰক্ষীয়ে ৷ইপিনে সীমান্তৱৰ্তী এলেকাটোৰ বিভিন্ন স্থানত এতিয়াও নগাই নিৰ্মান কৰি থৈছে তোৰণ ৷

অসমৰ ভৌগোলিক চাৰি সীমাৰ ভিতৰত থকা নগা গাওঁ সমূহলৈ যোৱা পথৰ সন্মূখত স্হাপন কৰা হৈছে এই সমূহ ফলক ৷ তোৰণ সমূহত স্পষ্টকৈ লিখা আছে নিখেখে গাওঁ Nagaland বুলি ৷ অসমৰ মাটিত নগাৰ এনে আগ্ৰাসী কাৰ্য্য কলাপে সংকিত কৰিছে সীমান্তবাসীক ৷ নগাৰ এনে কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ১৯৭৯ চনৰ কথা মনত পেলাই দি নগা সকলক সকিয়নী প্ৰদান কৰিলে সীমান্তবাসীয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in