লাভলীনা বৰগোঁহাইলৈ চুতীয়া ছাত্ৰ সন্থাৰ “ধনশিৰি ৰত্ন” বঁটা…

লাভলীনা বৰগোঁহাইলৈ চুতীয়া ছাত্ৰ সন্থাৰ “ধনশিৰি ৰত্ন” বঁটা…

ডিজিটেল সংবাদ, সৰুপথাৰ: ধনশিৰি মহকুমাৰ চুতীয়া ছাত্র সন্থাই ২০১৯ বৰ্ষৰ পৰা বিভিন্ন ক্ষেত্রত উল্লেখনীয় সেৱা আগবঢ়োৱা ব্যক্তিসকলক ধনশিৰি ৰত্ন আৰু বীৰ পাল বঁটা নামেৰে দুটা বঁটা প্ৰদান কৰি আহিছে। ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ সভাপতি জয়ন্ত বৰা আৰু সাধাৰণ সম্পাদক অভিজিৎ শইকীয়াই এক বিবৃতি যোগে জানিবলৈ দিয়া মতে এই বঁটা দুটি প্ৰতি বছৰে ৭ বহাগৰ দিনা ভূমিপুত্র চুতীয়া জনগোষ্ঠীটোয়ে পালন কৰা বীৰঙ্গনা সতী সাধনী দিৱসত প্ৰদান কৰা হয় ।

এইবাৰ চুতীয়া ছাত্র সন্থাই আগন্তুক বৰ্ষৰ বাবে চলিত বৰ্ষৰ টকিঅ' অলিম্পিকৰ বাবে অসমৰ প্ৰথম গৰাকী মহিলা হিচাপে যোগ্যতা অৰ্জন কৰা গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী তথা আন্ত:ৰাষ্ট্ৰীয় সুদক্ষ বক্সাৰ লাভলিনা বুঢ়াগোহাঁইক "ধনশিৰি ৰত্ন ২০২০" বঁটা আৰু অসমৰ অন্যতম ভূমিপুত্র চুতীয়া জাতিৰ উত্তৰণৰ ক্ষেত্রত নিষ্ঠাৰে সেৱা আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ সিদ্ধেশ্বৰ শইকীয়াক যোগেশ্বৰ শইকীয়া সোঁৱৰণী "বীৰপাল-২০২০" বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।

অহা ৭ আৰু ৮ বহাগত ধনশিৰি মহকুমা চুতীয়া ছাত্র সন্থাৰ উদ্যোগৰ লগতে সৰুপথাৰ আঞ্চলিক চুতীয়া ছাত্র সন্থা আৰু বৃহত্তৰ গন্ধকৰৈ বাসী ৰাইজৰ  সহযোগত সৰুপথাৰৰ ১নং গন্ধকৰৈ গাঁৱত অৱস্থিত গন্ধকৰৈ মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰৰ সতী সাধনী সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'ব লগা মুকলি সভাত দুয়োগৰাকী বৰেণ্য ব্যক্তিক আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰিব বুলি প্ৰকাশ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in