ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত…

ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত…

ডিজিটেল সংবাদ, সৰুপথাৰ: ধনশিৰি মহকুমা ছাত্ৰ সন্থাত মোক্ষম আঘাত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা আছুৰ সক্ৰিয় কৰ্মী সুভাষ শইকীয়াই আছু ত্যাগ কৰি আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাত আনুষ্ঠানিক ভাবে যোগদান কৰে। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা আদৰণি অনুষ্ঠানত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাৰ উপস্থিতিত গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ প্ৰাক্তন সক্ৰিয় আছু কৰ্মী সুভাষ শইকীয়াই আজি চুতীয়া ছাত্ৰ সন্থাত আনুষ্ঠানিক ভাবে যোগদান কৰে ।

তেওঁ কয় যে অনাগত দিনত চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াত থাকি চুতীয়া জাতিৰ উপৰিও সীমান্ত ৰাইজৰ হকে মাত মাতি যাব। চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে এখন ফুলাম গামোচা, ফুলৰ থোপা, এটা জাপি আৰু চুতীয়া জাতিৰ এটা পাগুৰিয়ে তেওঁক আদৰণি জনায় । আদৰণি অনুষ্ঠানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা, সহ:সম্পাদক লক্ষ্মী বৰা , গোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সম্পাদক দ্বীপেন বৰা, ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা অনুজ বৰা কে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in