শেহতীয়া খবৰ
ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...

কঢ়িয়াই আনিলে গৌৰৱ, এছিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ’ল ধনশিৰিৰ যুৱক প্ৰশান্ত কুমাৰ দাসৰ…

160

ডিজিটেল সংবাদ, সৰুপথাৰ: ধনশিৰি মহকুমাৰ বৰপথাৰৰ উদ্যমী যুৱক প্ৰশান্ত কুমাৰ দাসলৈ “এছিয়া বুক অৱ ৰেকৰ্ডছ”য়ে “গ্ৰেণ্ড মাষ্টাৰ” স্বীকৃতি প্ৰদান কৰিছে। উল্লেখিত কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কোনো ধৰণৰ বিৰতি অবিহনে প্ৰশান্তই কেইবাটাও ইভেণ্ট সম্পন্ন কৰাৰ বাবে উক্ত সন্মান প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে ২০১৯চনৰ ২৩ ছেপ্তেম্বৰৰ পুৱা উৰিয়ামঘাটৰ যোৰ দলঙৰ পৰা বৰপথাৰলৈ একেৰাহে ২২.৫ কি:মি: খোজকাঢ়ি আহি পঞ্চাশবাৰ পুছ আপ্, পাঁচ মিনিট বক্সিং পেডিং, নি কম্বিনেশ্বন আৰু দুই কিলোমিটাৰ চাইক্লিং কৰিছিল। আনহাতে, যুৱকজনে এনে পদক্ষেপৰ বাবে ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ্ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

ধনশিৰি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰৰ আই চি টি এম এছ বিভাগৰ প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাস বৰপথাৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা তথা ইউ বি আই বেংকৰ অৱৰপ্ৰাপ্ত কৰ্মচাৰী অলীপ কুমাৰ দাস আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্রী স্মৃতিৰাণী দাসৰ পুত্র । ইয়াৰোপৰি প্ৰশান্তই বিশ্বখ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোঁঁহাইক স্কুলীয়া অৱস্থাৰ পৰাই বক্সিঙত পাৰ্গত কৰি উলিয়াই অনাত অৰিহণা যোগাই আহিছে ।

তাৰোপৰি প্ৰশান্তৰ দ্বাৰা লিখিত কেইবাটাও প্ৰৱন্ধ আন্তৰ্জাতিক আলোচনীত প্ৰকাশ পাইছিল তাৰ বাবে ব্ৰিটেইনৰ এখন বিশ্ববিদ্যালয়ে প্ৰশান্তক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল । প্ৰশান্তই উক্ত কৃতিত্ব লাভ কৰাৰ বাবে ধনশিৰিৰ বিভিন্ন মহলে অভিনন্দন জনোৱাৰ লগতে গৌৰৱান্বিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি