ধেমাজি নগৰৰ কেইবাঠাইতো পূৰ্ব প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চ দ্বাৰা হুচৰি বিহু প্ৰদৰ্শন…

ধেমাজি নগৰৰ কেইবাঠাইতো পূৰ্ব প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চ দ্বাৰা হুচৰি বিহু প্ৰদৰ্শন…

ডিজিটেল সংবাদ , ধেমাজি : জাতীয় সমন্বয়ৰ এক সাংস্কৃতিক প্ৰয়াস হিচাপে শুকুবাৰে পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত সমগ্ৰ ৰাজ্য খনৰ অন্যান্য জিলা সমূহত অনুষ্ঠিত হোৱা দৰে ধেমাজি জিলা শাখা মাৰৱাড়ী যুৱ মঞ্চৰ কৰ্মকৰ্তা সকলৰ দ্বাৰা ধেমাজি নগৰৰ ধেমাজি চাৰি আলি ,দুই নং ভৰালীচুক ,এক দৈনিক বজাৰ ,কাড়িচুক ,বিশাল মেগামাৰ্ট আৰু ধেমাজি সদৰ আৰক্ষী থানাত ধেমাজি শাখা মাৰৱাড়ী যুব মঞ্চ দ্বাৰা হুচৰি বিহু অনুষ্ঠিত কৰে ৷


ধেমাজি সদৰ আৰক্ষী থানাৰ চৌহদত আৰম্ভণি কৰা হুচৰি বিহু দলক মাৰৱাড়ী যুব মঞ্চ,ধেমাজি শাখাৰ প্ৰতিষ্ঠাতা প্ৰাক্তন সম্পাদক উমেশ খাণ্ডেলীয়া উপস্থিতত মাৰৱাড়ী যুব মঞ্চ ফালৰ পৰা ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ শইকীয়াক এখনি ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জনাই পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ সভাপতি হিমশিখৰ খাণ্ডেলীয়াই ৷

ধেমাজি সদৰ আৰক্ষী থানা ফালৰ পৰা উদ্যোগতাসকল তথা বিহু দলটিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ সাংবাদিকৰ সৈতে হোৱা এক সুকীয়া বক্তব্যত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ সভাপতি হিমশিখৰ খাণ্ডেলীয়াই জনোৱা মতে এই বছৰৰ পৰা প্ৰতিটো বহাগ মাহৰ এক তাৰিখৰ দিনটোতেই জাতীয় সমন্বয়ৰ এক সাংস্কৃতিক প্ৰয়াস হিচাপে পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত অসমৰ প্ৰতি জিলাতেই হচৰি বিহু দলৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা হৈছে বুলি জনায় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in