ধলপুৰ শিমলুগুৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য মিলন বৰবৰুৱাৰ মৃত্যুত শোকস্তব্ধ শিমলুগুৰিবাসী…

ধলপুৰ শিমলুগুৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য মিলন বৰবৰুৱাৰ মৃত্যুত শোকস্তব্ধ শিমলুগুৰিবাসী…

ডিজিটেল সংবাদ,শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং শিমলুগুৰিৰ নিবাসী তথা ধলপুৰ-শিমলুগুৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য মিলন বৰবৰুৱা(৫৮)ই বুধবাৰে পুৱা ৯,৩০ বজাত চিকিৎসাধীন অৱস্থাত কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ ৰাজগড়, ৰঙতি আৰু শিমলুগুৰি অঞ্চলৰ প্ৰায় সমূহ অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত বৰবৰুৱাৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

জানিব পৰা মতে, বিগত এবছৰৰ পূৰ্বে বৰবৰুৱাৰ কিডনী বিকল হোৱাত সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত দুসপ্তাহৰ আগত তেওঁৰ শৰীৰত অস্ত্ৰোপচাৰৰ জৰিয়তে কিডনী সংস্থাপন কৰিছিল৷ বৰবৰুৱা মঙলবাৰে ৰাতি অসুস্থ হৈ পৰাত তেজ দিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছিল ৷ইয়াৰ পিছতেই বুধবাৰে নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক আকোঁৱালি লয়৷ শিমলুগুৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কেইবাবাৰৰ সভাপতিৰ দৰে গধুৰ দায়িত্ব পালন কৰা বৰবৰুৱাই বিহপুৰীয়া অবিভক্ত যুৱ কংগ্ৰেছৰ সভাপতি, লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্যনিবাহক সদস্য, শিমলুগুৰি মণ্ডল কংগ্ৰেছৰ সভাপতি, শিমলুগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য, শিমলুগুৰি উচ্চতৰ আৰু ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আদিৰ দৰে বিশেষ দায়িত্বও পালন কৰিছিল৷

বৰবৰুৱা এগৰাকী সাহিত্যৰ প্ৰতি অনুৰাগী ব্যক্তি হিচাপেও পৰিচিত ৷ তেখেতে শিমলুগুৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ মুখপত্ৰ "বসন্ত সুবাস"ৰো সভাপতিৰ দায়িত্ব পালন কৰিছিল৷ বৰবৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত পুৱাৰ পৰা শ শ গুণমুগ্ধ উপস্থিত হয়৷এগৰাকী সমাজসেৱকক হেৰুৱাই অঞ্চলবাসী ৰাইজ শোকত মৃয়মাণ হৈ পৰিছে ৷ তেখেত এগৰাকী প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপেও দায়িত্ব পালন কৰিছিল৷

মিলন বৰবৰুৱাৰ মৃত্যুত শিমলুগুৰি প্ৰেছ ক্লাৱ,শিমলুগুৰি উন্নয়ন সমিতি, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ ৰাজগড় আঞ্চলিক সমিতি, অবিভক্ত ৰাজগড় নাৰী কল্যাণ সমিতি, শিমলুগুৰি লেখিকা সমাৰোহ সমিতি, শিমলুগুৰি গাঁও পঞ্চায়ত, ৰাজগড় সমবায় সমিতি, ড' ভূপেন হাজৰিকা সংগীত মহাবিদ্যালয়, শিমলুগুৰি শংকৰদেৱ শিশু বিদ্যা নিকেতন, ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা,শিমলুগুৰি ক্ৰীড়া সন্থা, শিমলুগুৰি ব্যৱসায়ী সন্থা, ৰাজগড়, ৰঙতি আৰু শিমলুগুৰি প্ৰাথমিক শিক্ষক কেন্দ্ৰ সভা,শিমলুগুৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্নিলন, ৰাজগড় উন্নয়ন সমিতিৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বৰবৰুৱাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷বৰবৰুৱাই মৃত্যুৰ সময়ত পত্নীসহ, এজন পুত্ৰ, বোৱাৰী, দুগৰাকী বিবাহিত জী, জোঁৱাই, নাতি, পৰিয়ালবৰ্গৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in