সাংবাদিকক পীয়ুষ হাজৰিকাৰ ভাবুকি : ঢকুৱাখনা মহকুমা সাংবাদিকৰ প্ৰতিবাদ…

সাংবাদিকক পীয়ুষ হাজৰিকাৰ ভাবুকি : ঢকুৱাখনা মহকুমা সাংবাদিকৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,ঢকুৱাখনা : ভাৰতীয় সংবিধান স্পৰ্শ কৰি গণতন্ত্ৰ প্ৰতিষ্ঠাৰ শপতলৈ জনপ্ৰতিনিধিত্বৰ গাদী দখল কৰাবিধায়ক , মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অগণতান্ত্ৰিক আচৰণৰ সৰ্বত্ৰ প্ৰতিবাদ আজিও অব্যাহত আছে ৰাজ্যখনত।গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা গণতান্ত্ৰিক সমাজ সভ্যতাৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ সাংবাদিকৰ প্ৰতি শ্রদ্ধাশীল হবলৈ নিশিকাঅসম বিধানসভাৰ জাগীৰোড সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ,মন্ত্ৰী হাজৰিকাই এটা প্ৰকাশিত বাতৰিৰ সন্দৰ্ভত দুটা বৈদ্যুতিনসংবাদ গোষ্ঠীৰ দুগৰাকী সংবাদসেৱীক প্ৰদান কৰা প্ৰাণনাশী ভাবুকিৰ সবল প্ৰতিবাদ মংগলবাৰে সাব্যস্ত হয় ঢকুৱাখনাত।

বৃহত্তৰ ঢকুৱাখনা মহকুমাৰ কৰ্মৰত সাংবাদিক সকলে মহকুমা সদৰত একত্ৰিত হৈ বিধায়ক, মন্ত্ৰী হাজৰিকাৰ এনে উন্নাসিকআৰু দাম্ভিক আচৰণৰ সবল প্ৰতিবাদ কৰি অবিবেচকী কাৰ্যৰ সমজুৱা গৰিহণা দিয়ে। সংবাদকৰ্মী সকলে হাজৰিকাৰ সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতিয়ে চৰম ভাবুকিপূৰ্ণ ভূমিকাৰ বিপৰীতে অসম আৰক্ষীৰ শাসক গোষ্ঠীৰ পদলেহণকাৰী স্থিতিৰো কটু সমালোচনা কৰে। দুই

ভুক্তভোগী সাংবাদিক ক্ৰমে নজৰুল ইছলাম আৰু তুলসী মান্তাই জাগীৰোড আৰক্ষীক জামিনবিহীন ধাৰাত গোচৰ দিয়াৰ পাছতো আজি পৰ্যন্ত হাজৰিকাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস নকৰা আৰক্ষীৰ ভিজা মেকুৰীৰ ভূমিকাকো গৰিহণা দিয়ে। শাসক গোষ্ঠীৰ এগৰাকী প্ৰভাৱশালী অভিযুক্ত হোৱাৰ বাবেই অসম আৰক্ষীয়ে নিজৰ নিৰপেক্ষতাৰ আদৰ্শক পদপিষ্ট কৰা বুলি সন্দেহ ব্যক্ত কৰি মহকুমাটোৰ সাংবাদিক সকলে এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত তাৎক্ষণিক হস্তক্ষেপ দাবী কৰি মঙ্গলবাৰে ৰাজ্যপাল আৰু ৰাজ্যৰ মুখ্যনিৰ্বাচনী আয়োগলৈ দুখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা জিলা ৰিটাৰ্ণিং বিষয়া গুৰনেইল সিংৰ জৰিয়তে স্মাৰক পত্ৰ দুখনপ্ৰেৰণ কৰি সংবাদিক সকলে দাম্ভিক প্ৰাৰ্থী হাজৰিকাৰ নিঃচৰ্ত ক্ষমা খোজাৰ দাবী জনায় শীঘ্ৰে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিআৰক্ষীয়ে নিজৰ নিৰপেক্ষতা আৰু স্বচ্ছতা প্ৰতিষ্ঠা কৰাৰ দাবী জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in