”নতুন শিক্ষা নীতি-২০২০ সাৰ্বজনীন প্ৰয়োগ মিচিং সংগঠনৰ প্ৰধান দায়িত্ব” ঢকুৱাখনাত কৰ্মশালা

”নতুন শিক্ষা নীতি-২০২০ সাৰ্বজনীন প্ৰয়োগ মিচিং সংগঠনৰ প্ৰধান দায়িত্ব” ঢকুৱাখনাত কৰ্মশালা

ডিজিটেল সংবাদ, ঢকুৱাখনা : দেশ তথা ৰাজ্যৰ স্থিতাৱস্থামুখী শিক্ষা ব্যৱস্থাক স্থলাভিসিক্ত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা নতুন শিক্ষা নীতি ২০২০ ৰ সাৰ্বজনীন প্ৰয়োগ আৰু কাৰ্যকৰীকৰণত মিচিং জাতিয় সংগঠন সমূহৰ দায়িত্ব আৰু কৰ্তব্য অধিক। 

দেশৰ বিদগ্ধ শিক্ষক, গৱেষক, পণ্ডিতৰ নিৰন্তৰ গৱেষণা  আৰু অধ্যয়নৰ ফলশ্ৰুতিত প্ৰৱৰ্তিত এই নতুন শিক্ষা নীতিৰ জৰিয়তে নৱ প্ৰজন্মক বিশ্ব মানৰ শিক্ষা ব্যৱস্থাৰ সতে ফেৰ মাৰিব পৰাকৈ গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছে।

এখন প্ৰগতিশীল  সমাজৰ  সংস্কাৰী  আৰু উচ্চ শিক্ষিত  পৰিকাঠামো নিৰ্মাণৰ বাবে এই শিক্ষা নীতিৰ সাৰ্বজনীন প্ৰয়োগ  হ'বই লাগিব আৰু এই  নতুন শিক্ষা নীতিৰ সফল প্ৰয়োগত মিচিং জাতীয় ছাত্ৰ সংগঠন  টি এম পি কে কে ধৰি অন্য ৫ জাতীয়  সংগঠনৰ এয়া নৈতিক দায়িত্ব আৰু প্ৰধান কৰ্তব্য হোৱা উচিত ।

ঢকুৱাখনা জিলা মিচিং  বানে কৌবাং , মিচিং দৃৰবৃ কৌবাং ,মিচিং  আগম কৌবাং , টাকাম মিচিং পৰিন কৌবাং ,মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ যৌথ উদ্যোগত সোমবাৰে সোৱণশিৰী অঞ্চলৰ বালিয়নি কুম্বাং গাঁওৰ সূৰ্য চিন্তে স্মাৰক ভৱনত অনুষ্ঠিত এক কৰ্মশালাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সভাপতি মৃগাং ৰাজ কুমাৰ মৰাংয়ে ।

জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় সভাপতি  তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ  মৃগাং সুনীল দলেৰ সঞ্চালনাত অনুষ্ঠিত "ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২২ সফল ৰূপায়নত  মিচিং জাতীয় সংগঠনৰ ভূমিকা" শীৰ্ষক কৰ্মশালাত বক্তব্য ৰাখি কেন্দ্ৰীয় সভাপতি মৰাংয়ে  নতুন শিক্ষা নীতিৰ সফল প্ৰয়োগৰ  ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা  পদক্ষেপ আৰু প্ৰক্ৰিয়াত জাতীয় সংগঠনে পূৰ্ণ সহযোগিতা আগবঢ়াব  বুলি কৈ সমান্তৰাল ভাৱে  বিদ্যালয় একত্ৰিতকৰণ আৰু অন্যান্য ক্ষেত্ৰত যাতে  ৰাজনৈতিক হস্তক্ষেপ কৰি এই সময়োপযোগী আৰু মহৎ পদক্ষেপ বিঘ্নিত নকৰে তালৈ জাতীয় সংগঠন সমূহে  সতৰ্ক সৃষ্টি দিব লাগিব বুলি কয়।

তেওঁ জাতীয় সংগঠনৰ নেতৃবৰ্গ সকলক বিদ্যালয় সমূহৰ পৰিবেশ অধ্যয়ন কৰি ৰাইজৰ মাজত এই সন্দৰ্ভত মত বিনিময় কৰিবলৈ আহ্বান জনায়। ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতিৰ লগতে সৰ্বসাধাৰণ নাগৰিক উপস্থিত থকা কৰ্মশালাখনত  মিচিং ভাষাক প্ৰাথমিক স্তৰৰ বিদ্যালয় সমূহত শিক্ষাৰ মাধ্যম হিচাপে প্ৰবৰ্তনৰ হেতু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সফল ৰূপায়নত জাতীয় সংগঠনৰ ভূমিকা  ,  গ্ৰামাঞ্চলিয় পৰিয়াল সমূহৰ জীৱন জীৱিকা অভিযানৰ সফল ৰূপায়নত জাতিয় সংগঠনৰ ভূমিকা , মিছন বসুন্ধৰা -২ আঁচনি সফল ৰূপায়নত জাতীয় সংগঠনৰ কৰণীয়তা শীৰ্ষক বিষয়ৰ লগতে  টি এম পি কেৰ সোণালী জয়ন্তী বর্ষৰ এবছৰীয়া উদযাপনৰ অন্তিম আৰু সামৰণি কাৰ্যসূচী সন্দৰ্ভত বিস্তৃত  আলোচনা কৰা হয়। 

জনাকীৰ্ণ কৰ্মশালাখনত উপস্থিত থাকি নিৰ্ধাৰিত বিষয়বস্তুৰ ওপৰত মননশীল বক্তব্য ৰাখে টি এম পি কেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃগাং তিলক দলে , শিক্ষা সম্পাদক মৃগাং ৰিদিপ জেক দলে , যুটীয়া সম্পাদক মৃগাং  টনিৰাম পায়েং , টি  এম এম কেৰ সাধাৰণ সম্পাদিকা তথা টেলাহী উন্নয়ন খণ্ডৰ আঞ্চলিক পৰিষদৰ সভানেত্ৰী মিমে শৰ্মিলা পায়েং পেগু ,এম কেৰ  উপ সভাপতি মৃগাং বিজু পেগু , জিলা পৰিষদ সদস্য মৃগাং ইন্দ্ৰ কুমাৰ চুংক্ৰাং আদি বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াই। 

জাতীয় সংগঠনৰ নেতা মৃগাং  যতীন পেগু, ক্ষীৰোদ পেগু, বৃগেন দলে , সুৰেশ দলে,মিমে  ইন্দিৰা চিন্তে কুম্বাং , বিউটি পেগু আদি বহু কেইগৰাকী নেতৃত্বই অংশগ্ৰহণ কৰা কৰ্মশালাখনত  অহা নৱেম্বৰ অথবা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা টি এম পি কেৰ কেন্দ্রীয় সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ এবছৰীয়া উদযাপনৰ সামৰণি উৎসৱ সন্দৰ্ভতো বিশদ আলোচনা হয়। গোগামুখৰ  চুমনি অঞ্চলৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ  প্ৰস্তাৱিত মুখ্য কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব লগা এই সামৰণি অনুষ্ঠান  সন্দৰ্ভত এক কৰ্মসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কৰ্মশালাত  ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in