মহিলা সৱলীকৰণৰ নামত ঢকুৱাখনাত কমিচনৰ বেহা মেলি এগৰাকী মহিলা নিলম্বিত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে লখিমপুৰ জিলাৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত উদ্যমী মহিলা সকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ মহিলা সৱলীকৰণ কৰাৰ প্ৰয়াস কাৰ্যতঃ ধূলিসাৎ হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা  অভিযানৰ অন্তৰ্গত উন্নয়ন খণ্ডটোলৈ আবন্টিত মহিলা সৱলীকৰণ শিতানৰ পুঁজি আৱন্তনৰ বেলিকা ভয়াবহ দুৰ্নীতি আৰু স্বজন তোষণৰ আশ্ৰয় লৈ এচাম বিষয়া-কৰ্মীয়ে পৰোক্ষভাৱে চলাই যোৱা কমিচন সংগ্ৰহৰ নিৰ্লজ বেহাখনে তিতা কেঁহা লগাইছে কৰ্মোদ্যমী গ্ৰামীণ মহিলা সকলক। শেহতীয়াকৈ  খণ্ডটোৰ  গন্ধিয়া পঞ্চায়তৰ  অসমী গ্ৰাম্য সংগঠনৰ জীৱিকা সখী মৌচুমী হাজৰিকাই কনকলতা মহিলা সবলীকৰণ আঁচনিৰ ৫০ হাজাৰ টকা মোকলাই দিয়াৰ বিপৰীতে ঢকুৱাখনাৰ খণ্ড আঁচনি প্ৰবন্ধকৰ নামত প্ৰতি গোটৰ পৰা  ৫ হাজাৰকৈ টকা  সংগ্ৰহ কৰিছিল।

প্ৰাথমিক পৰ্য্যায়ত চৰকাৰী  পুঁজি আৱন্তনৰ বিপৰীতে এই কমিচন সংগ্ৰহ অভিযানৰ সন্দৰ্ভত ঢকুৱাখনাৰ খণ্ড উন্নয়ন বিষয়া মৌচম দাসৰ জ্ঞাত হোৱাৰ পাছতো বিষয়টো গাপ দি ৰখা হৈছিল । পৰৱৰ্তী সময়ত সংবাদ মাধ্যমত এই দুৰ্নীতিৰ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতে  মৰ টোপনি ভগা খণ্ড উন্নয়ন বিষয়া দাসে বিষয়টো তদন্তৰ আওতালৈ আনে । তদন্তৰ অন্তত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অনুদান মহিলা গোটবোৰক প্ৰদানৰ নামত কমিচন সংগ্ৰহকাৰী অসমী গ্ৰাম্য সংগঠনৰ জীৱিকা সখী মৌচুমী হাজৰিকাই  নিজেই গোটবোৰৰ পৰা ৫ হাজাৰকৈ টকা কমিচনৰূপে সংগ্ৰহ কৰাটো প্ৰতিপন্ন হোৱাত জীৱিকা সখীগৰাকীক  মঙ্গলবাৰৰ পৰা তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ ৪ মাহলৈ নিলম্বিত কৰাৰ লগতে মহিলা গোটবোৰৰ পৰা সংগৃহীত ৫ হাজাৰকৈ টকা ১২ আগষ্টৰ ভিতৰত ঘূৰাই দিয়াৰো বিভাগীয় ভাবে  নিৰ্দেশ দিয়া হয়। 

তাৰোপৰি যোৱা ২৬ জুলাইত মাজুলী জিলালৈ বদলি হোৱা বি পি এম পবিত্ৰ দলেৰ অজ্ঞাতে  জীৱিকা সখী গৰাকীয়ে দলেৰ নামত ৫ হাজাৰকৈ টকা সংগ্ৰহ কৰা বুলি তদন্তৰ কালত পোহৰলৈ আহে।  এগৰাকী দুৰ্নীতিগ্ৰস্ত  জীৱিকা সখীৰ প্ৰতি গ্ৰহণ কৰা এনে কঠোৰ অনুশাসন মূলক ব্যৱস্থাই  ভুক্তভোগী মহিলা সকলক আশ্বস্ত কৰিলেও খণ্ডটোৰ তদানীন্তন বি পি এম দলে , খণ্ড উন্নয়ন বিষয়া  মৌচম দাসৰ পূৰ্বৱৰ্তী সময়ত অন্য এচাম জীৱিকা সখীৰ ওপৰত উত্থাপিত অভিযোগৰ প্ৰতি দৃষ্টিকটু ভাবে প্রদর্শন কৰা পক্ষপাতী আচৰনে এনেবোৰ বিষয়াৰ নিৰপেক্ষতাক লৈ সন্দেহৰ আঙুলি এতিয়াও উঠি আছে । 

প্ৰধানতঃ খণ্ডটোৰ  অন্য এগৰাকী জীৱিকা সখী ইন্দিৰা বুঢ়াগোঁহাইৰ বিৰুদ্ধেও শিঙিয়া পঞ্চায়তৰ জোন আত্মসহায়ক গোটৰ মহিলা সকলে লিখিত অভিযোগ দিছিল বি পি এমৰ পৰা বিধায়ক, মন্ত্ৰী ডাঃ ৰনোজ পেগু , আৰু সাংসদ প্ৰদান বৰুৱা পৰ্যন্ত। কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে  এই  অভিযোগৰ ক্ষেত্ৰত এনেবোৰ দায়িত্বশীল পক্ষই কঠোৰ স্থিতি লোৱাৰ পৰিবৰ্তে ভিজা মেকুৰীৰ ভাওহে গ্ৰহণ  কৰিছিল। গ্ৰাম্য কৰ্মঠ মহিলা সকলৰ সৰলতাৰ সুযোগ লৈ এচাম সুবিধাভোগী জীৱিকা সখীয়ে চলাই অহা  অনিয়ম , লুণ্ঠন , আঁচনিৰ প্ৰদানৰ ক্ষেত্ৰত স্বজন তোষণ , ৰাজনীতি কৰণৰ প্ৰতি খণ্ডটোৰ উন্নয়ন বিষয়া তথা অন্যান্য বিভাগীয় বিষয়া সকলে গ্ৰহণ কৰি অহা পক্ষপাতদুষ্ট আৰু ৰহস্যজনক দৰদী আচৰণকলৈ  ক্ষুব্ধ গ্ৰাম্য মহিলা ৰাইজ।  খণ্ডটোৰ বিভিন্ন পঞ্চায়তত মহিলা সৱলীকৰণ আঁচনিৰ বেলিকা অব্যাহত থকা ভয়ংকৰ অনিয়মৰ অভিযোগ পায়ো অন্ধ মুনিৰ ভূমিকা লোৱা এনেবোৰ শীর্ষ বিষয়াই  বিশেষ  দুৰ্নীতিগ্ৰস্তৰ প্ৰতি লোৱা  পক্ষপাতী আচৰনে  বাস্তৱিকতে  খণ্ডটোৰ অভ্যন্তৰত  চলি থকা দুৰ্নীতিৰ  ভুস্বৰ্গখনকে জনদৃষ্টিত প্ৰকট কৰিছে । য'ত বলিৰ পঠা হব লগীয়া হৈছে খণ্ডটোৰ উন্নয়নকামী গ্ৰামীণ মহিলা সকল । 

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in